July 1, 2026 8:09 PM | Districts Day

printer

কোকৰাঝাৰ, শ্রীভূমি, যোৰহাট, গোৱালপাৰা, ধুবুৰী, বৰপেটাৰ আজি ৪৪ সংখ্যক জিলা দিৱস

আজি কোকৰাঝাৰ, শ্রীভূমি, যোৰহাট, গোৱালপাৰা, ধুবুৰী আৰু বৰপেটাৰ ৪৪ সংখ্যক জিলা দিৱস। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই উপলক্ষে জিলাকেইখনৰ লোকসকললৈ শুভেচ্ছা জনাইছে। জিলা দিৱস উপলক্ষে আজি কেওখন জিলাতে ভিন ভিন কার্যসূচী অনুষ্ঠিত হৈছে। ১৯৮৩ চনৰ ১ জুলাইত অবিভক্ত শিৱসাগৰ জিলাৰ পৰা পৃথক হৈ যোৰহাট জিলা গঠন হৈছিল। যোৰহাট জিলা প্রশাসনৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে জিলা দিৱস উদযাপন কৰা হৈছে। আহোম ৰাজত্বৰ শেষ বাজধানী যোৰহাট হৈছে এখন সাংস্কৃতিক আৰু শিক্ষা নগৰী। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়কে ধৰি ৰাজ্যৰ কেইবাখনো শৈক্ষিক প্রতিষ্ঠান যোৰহাটত আছে। জিলা দিৱস উপলক্ষে আজি জিলা বেচম বিভাগৰ উদ্যোগত তিতাবৰৰ ৰেচম পামত ১০০টা গছৰ পুলি ৰোপন কৰা হয়। লোকনির্মাণ বিভাগে যোৰহাট জিলা কেন্দ্রীয় গৃহ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ উদ্যোগত বিশেষ জনকল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰে।

দিনজোৰা কাৰ্যসূচীৰে আজি গোৱালপাৰা জিলা দিবস পালন কৰা হয়। ১৯৮৩ চনৰ ১ জুলাইত অবিভক্ত গোৱালপাৰা জিলাৰ পৰা তিনিখন পৃথক জিলা ধুবুৰী, কোকৰাঝাৰ আৰু গোৱালপাৰা গঠন কৰা হৈছিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি বিগত ৫ বছৰৰ পৰা পহিলা জুলাইৰ দিনটোতে গোৱালপাৰা জিলা দিবস উদযাপন কৰা হৈছে। এই উপলক্ষে আজি পুৱা সমূহীয়া দৌৰ অনুষ্ঠিত হয়।

বৰপেটাতো আজি ৪৪ সংখ্যক জিলা দিৱস পালন কৰা হয়। অবিভক্ত কামৰূপ জিলাৰ পৰা পৃথক কৰি ১৯৮৩ চনৰ আজিৰ দিনটোতে বৰপেটা জিলা গঠন কৰা হৈছিল। জিলা দিৱসৰ কাৰ্যসূচী হিচাপে আজি পুৱা প্রশাসনে বৰপেটা সত্ৰত শৰাই আগবঢ়োৱাৰ লগতে জিলা পুথি ভঁৰালত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। স্থানীয় বিধায়ক দীপক কুমাৰ দাসৰ উপস্থিতিত এই সভাত জিলাখনৰ কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বর্ধনা জনোৱা হয়।

কোকৰাঝাৰ জিলা প্রশাসনে আজি জিলা দিৱস উপলক্ষে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠানত আয়োজন কবে। অনুষ্ঠানত বস্তি প্রজ্বলন, বিশিষ্ট ব্যক্তিক সম্বর্ধনা আদিকে ধৰি কেইবাটাও কার্যসূচী হাতত লোৱা হয়।

অসমৰ দক্ষিণ প্ৰান্তত অৱস্থিত শ্রীভূমি জিলাৰ সীমান্ত ত্ৰিপুৰা আৰু বাংলাদেশৰ চিলেট খণ্ডৰ সৈতে সংলগ্ন হৈ আছে। কাছাৰ, হাইলাকান্দি আৰু শ্রীভূমি জিলাক লৈ বৰাক উপত্যকা গঠন হৈছে। ২০২৪ চনৰ ১৯ নৱেম্বৰত পূৰ্বৰ কৰিমগঞ্জ জিলাক শ্রীভূমি নামেৰে নামকৰণ কৰা হয়।