July 1, 2026 8:09 PM
7
কোকৰাঝাৰ, শ্রীভূমি, যোৰহাট, গোৱালপাৰা, ধুবুৰী, বৰপেটাৰ আজি ৪৪ সংখ্যক জিলা দিৱস
আজি কোকৰাঝাৰ, শ্রীভূমি, যোৰহাট, গোৱালপাৰা, ধুবুৰী আৰু বৰপেটাৰ ৪৪ সংখ্যক জিলা দিৱস। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই উপলক্ষে জিলাকেইখনৰ লোকসকললৈ শুভেচ্ছা জনাইছে। জিলা দিৱস উপলক্ষে আজি কেওখন জিলাতে ভিন ভিন কার্যসূচী অনুষ্ঠিত হৈছে। ১৯৮৩ চনৰ ১ জুলাইত অবিভক্ত শিৱসাগৰ জিলাৰ পৰা পৃথক হৈ যোৰহাট জিলা গঠন হৈছিল। যোৰহাট জিলা প্রশাসনৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে জিলা দিৱস উদযাপন কৰা হৈছে। আহোম ৰাজত্বৰ শেষ বাজধানী যোৰহাট হৈছে এখন সাংস্কৃতিক আৰু শিক্ষা নগৰী। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়কে ধৰি ৰাজ্যৰ...