July 1, 2026 7:56 PM | Kaziranga Flood

printer

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ আশংকা বৃদ্ধি

অৰুণাচল প্রদেশত যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ আশংকা বৃদ্ধি পাইছে। উদ্যানখনত সম্প্রতি বান পৰিস্থিতিৰ সৃষ্টি হোৱা নাই যদিও ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰৰ বিল আৰু নলাসমূহত পানী সোমাবলৈ আৰম্ভ কৰিছে বুলি বন সংমণ্ডল বিষয়াই জনাইছে। সম্ভাব্য বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে উদ্যান কর্তৃপক্ষ সম্পূর্ণরূপে সাজু হৈছে আৰু উদ্যানৰ ভিতৰৰ বন শিবিৰসমূহত নাও সাজু কৰি ৰখা হৈছে বুলি তেওঁ প্রকাশ কৰে। ইপিনে, ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বন্যপ্রাণী কৰিড’ৰসমূহত বনকৰ্মীয়ে কটকটীয়া নজৰ ৰাখিছে। তদুপৰি যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে বেৰিকেড স্থাপন কৰাৰ লগতে চিচি কেমেৰা সক্ৰিয় কৰি ৰখা হৈছে বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বান পৰিস্থিতি নিৰীক্ষণৰ বাবে এইবাৰ প্ৰথম বাৰৰ বাবে কৃত্রিম বুদ্ধিমত্তা প্রযুক্তি ব্যৱহাৰ কৰা হ’ব। বন্যপ্ৰাণীৰ গতিবিধি নিৰীক্ষণৰ বাবে বিশেষ কেমেৰাত কৃত্রিম বুদ্ধিমত্তা সংযোজন কৰা হৈছে। তদুপৰি কাৰ্বি পাহাৰৰ দুৰ্গম অঞ্চলত থার্মেল ড্রোণ কেমেৰা ব্যৱহাৰৰো ব্যৱস্থা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।