July 1, 2026 7:56 PM
5
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ আশংকা বৃদ্ধি
অৰুণাচল প্রদেশত যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ আশংকা বৃদ্ধি পাইছে। উদ্যানখনত সম্প্রতি বান পৰিস্থিতিৰ সৃষ্টি হোৱা নাই যদিও ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰৰ বিল আৰু নলাসমূহত পানী সোমাবলৈ আৰম্ভ কৰিছে বুলি বন সংমণ্ডল বিষয়াই জনাইছে। সম্ভাব্য বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে উদ্যান কর্তৃপক্ষ সম্পূর্ণরূপে সাজু হৈছে আৰু উদ্যানৰ ভিতৰৰ বন শিবিৰসমূহত নাও সাজু কৰি ৰখা হৈছে বুলি তেওঁ প্রকাশ কৰে। ইপিনে, ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘা...