বানত ক্ষতিগ্রস্ত বন্যপ্ৰাণীক উদ্ধাৰৰ বাবে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰসংস্থাপন কেন্দ্ৰৰ উদ্যোগত হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজে বিপদত পৰা বন্যপ্ৰাণী দেখিলে কেন্দ্ৰটোৰ হেল্পলাইন নম্বৰ ৬৯০১৮৬৪৯০০ত খবৰ দিব পাৰিব। তদুপৰি বানৰ সময়ছোৱাত সৰ্বাধিক ক্ষতি হোৱা পহু যদি কোনো অঞ্চলত আবদ্ধ হৈ থাকে তেন্তে তাক ধৰিবলৈ চেষ্টা নকৰিবলৈ কেন্দ্ৰটোৰ চিকিৎসকসকলে আহ্বান জনায়। উল্লেখযোগ্য যে বর্তমানলৈকে কেন্দ্ৰটোত বৰ্তমান এনিমেল কীপাৰ আৰু ছগৰাকী চিকিৎসক ২৪ ঘণ্টাই নিয়োজিত হৈ আছে। বানৰ সময়ছোৱাত চাৰিটা ভাগত বিভক্ত হৈ সেৱা আগবঢ়োৱা কেন্দ্ৰটোৱে প্ৰয়োজন সাপেক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পশু চিকিৎসকসকলক নিয়োগ কৰিব বুলিও জনাইছে।
Assamese | June 6, 2025 12:27 PM | Kaziranga Flood
কাজিৰঙাত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰসংস্থাপন কেন্দ্ৰৰ উদ্যোগত হেল্পলাইন নম্বৰ মুকলি