খাদ্য, ৰাজহুৱা বিতৰণ, গ্রাহক পৰিক্ৰমা, গৃহ নির্মাণ, নগৰ পৰিক্ৰমা আৰু সমবায় মন্ত্রী কৌশিক ৰায় আজি কাছাৰ, শ্রীভূমি আৰু হাইলাকান্দিৰ খাদ্য, ৰাজহুৱা বিতৰণ, গ্রাহক পৰিক্ৰমা বিভাগৰ বিস্তৃত পর্যালোচনা বৈঠকত অংশ লয়। সভাত ৩ খন জিলাৰ স্থানীয় বিধায়ক, জ্যেষ্ঠ প্রশাসনিক বিষয়া আদি উপস্থিত থাকে। ৰাজহৱা বিতৰণ ব্যৱস্থাৰ ফলপ্রসূতা, বিভিন্ন জনকল্যাণমূলক প্রকল্প ৰূপায়ণ আৰু বৰাক উপত্যকাৰ জনসেৱাক অধিক কার্যক্ষম, স্বচ্ছ আৰু জনসাধাৰণৰ অনুকূল কৰি তোলাৰ লগতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। খাদ্য, শস্যৰ সময়মতে বিতৰণ, অত্যাবশ্যকীয় সামগ্ৰীৰ উপলভ্যতা, সুলভ মূল্যৰ দোকানৰ কাম-কাজ আদিকে ধৰি গ্ৰাহকক সামৰি লোৱা বিভাগৰটোৰ বিভিন্ন আঁচনি অগ্রগতিৰ পৰ্যালোচনা কৰা হয়। প্রতিখন জিলাৰ অগ্রগতি পর্যালোচনা কৰি মন্ত্ৰীগৰাকী গ্ৰাহকৰ সমস্যাৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলৰ পৰা বিশদ মতামত গ্ৰহণ কৰে।
Assamese | July 1, 2026 8:22 PM | Kaushik Review Meet
খাদ্য, ৰাজহুৱা বিতৰণ, গ্রাহক পৰিক্ৰমা মন্ত্রী কৌশিক ৰায়ৰ পর্যালোচনা বৈঠক