ৰাষ্ট্ৰীয়

July 28, 2026 9:55 PM

views 24

লোকসভাত লোক পৰীক্ষা (অসাধু উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক ২০২৬ সন্দৰ্ভত আলোচনা, শাসক-বিৰোধী উভয় পক্ষই অংশগ্ৰহণ

লোকসভাত আজি লোক পৰীক্ষা (অসাধু উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক ২০২৬ বিবেচনা আৰু গৃহীত কৰাৰ উদ্দেশ্যে আলোচনা কৰা হয়। এই বিধেয়কৰ জৰিয়তে লোকপৰীক্ষা (অসাধু উপায় প্ৰতিৰোধ) আইন ২০২৪ৰ সংশোধনী ঘটাবলৈ বিচৰা হৈছে। এই বিধেয়কখনৰ জৰিয়তে অভিযুক্তৰ বিৰুদ্ধে ১০ বছৰৰ কাৰাবাস, ১০ কোটি টকাৰ জৰিমনা, দোষী সাব্যস্ত ...

July 28, 2026 7:55 PM

views 23

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত এটা সঁজাতী দলৰ বান প্ৰভাৱিত যোৰহাট জিলা পৰিদৰ্শন

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব (দুর্যোগ ব্যৱস্থাপনা) এম. ৰামচন্দ্ৰডুৰ নেতৃত্বত অহা আন্তঃমন্ত্রণালয় কেন্দ্ৰীয় দলটোৱে আজি যোৰহাট জিলাৰ বিভিন্ন বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰে৷ দলটোৱে প্ৰথমে টীয়ক ৰাজহ চক্ৰৰ অধীনস্থ বনাই জগদুৱাৰ অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত পথ সমূহ আৰু ধনতোলা অঞ্চলৰ জাঁজী নদীৰ মথ...

July 28, 2026 7:53 PM

views 25

বান পৰিস্থিতি সন্দৰ্ভত মন্ত্রী, বিধায়ক, জ্যেষ্ঠ বিষয়াবৰ্গ আৰু জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আজি বান পৰিস্থিতি সন্দৰ্ভত মন্ত্রী, বিধায়ক, জ্যেষ্ঠ বিষয়াবৰ্গ আৰু জিলা আয়ুক্তসকলৰ সৈতে গুৰুতত্বপূর্ণ বৈঠকত মিলিত হয়। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে ।

July 28, 2026 7:52 PM

views 23

নতুন দিল্লীত অসমৰ সাংসদৰ সৈতে ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আলোচনা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অসমৰ সাংসদসকলক সাক্ষাৎ কৰে আৰু ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। বানপীড়িত জনসাধাৰণৰ উদ্ধাৰ, সাহায্য, পুনৰ সংস্থাপন আৰু পুনৰ্বাসন কার্য যাতে ফলপ্রসূভাৱে আগবাঢ়ে এই বিষয়ে ৰাজ্য চৰকাৰৰ পদক্ষেপ সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে বুজ লয়।  সামাজিক ম...

July 28, 2026 7:33 PM

views 31

স্বাধীনতা সংগ্রামী দেশভক্ত তৰুণৰাম ফুকনৰ ৮৭সংখ্যক মৃত্যু দিৱস উপলক্ষে ৰাজ্যজুৰি দেশভক্তি দিৱস পালন

স্বাধীনতা সংগ্রামী দেশভক্ত তৰুণৰাম ফুকনৰ ৮৭সংখ্যক মৃত্যু দিৱস উপলক্ষে আজি ৰাজ্যজুৰি দেশভক্তি দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰে ২০২১ বৰ্ষৰ পৰা প্ৰতি বছৰে আজিৰ দিনটো দেশভক্তি দিৱস হিচাপে পালন কৰি আহিছে।  ৰাজ্য চৰকাৰৰ তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ উদ্যোগত ৰাজ্যিক ভিত্তিত দেশভক্তি দিৱস পাল...

July 28, 2026 7:25 PM

views 29

ৰাজ্যৰ ভিন্ন প্ৰান্তত সপ্তাহজোৰা কাৰ্যসূচীৰে আজিৰে পৰা বিশ্ব হেপাটাইটিছ দিৱস পালন

হেপাটাইটিছ ৰোগ নিৰ্মূলকৰণৰ লক্ষ্যৰে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত সপ্তাহজোৰা কাৰ্যসূচীৰে বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ ধীৰেণপাৰা এফ আৰ ইউ, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সঞ্জীৱ কুমাৰ শ‍ইকীয়াই এই দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। হেপাটাইটিছ বিৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ স্...

July 28, 2026 11:54 AM

views 28

স্কাইট এৰোস্পেছৰ পৱন চন্দনা আৰু নগা ভাৰত ডাকাৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মত বিনিময়

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি স্কাইট এৰোস্পেছৰ পৱন চন্দনা আৰু নগা ভাৰত ডাকাৰ সৈতে মত বিনিময় কৰে। সামাজিক মাধ্যৰ এটা বাৰ্তাত শ্রী মোদীয়ে বিক্রম-১ৰ সফলতাত আলোকপাত কৰাৰ লগতে অন্যান্য বিভিন্ন বিষয়ো আলোচনা কৰে। প্রধানমন্ত্রী মোদীয়ে তেওঁলোকৰ এই যাত্ৰা আৰু ভৱিষ্যৎ পৰিকল্পনা সমূহ শুনি সন্তোষ প্রকাশ কৰে...

July 28, 2026 11:27 AM

views 37

পর্যটন মন্ত্র্যালয়ে ইনক্রিডিবল ইণ্ডিয়াৰ অধীনত ভাৰতক বিশ্বব্যাপী পর্যটনৰ স্থান হিচাপে প্ৰচাৰৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে

পর্যটন মন্ত্রালয়ে প্রতিষ্ঠিত ব্রেণ্ড ইনক্রিডিবল ইণ্ডিয়াৰ অধীনত ভাৰতক বিশ্বব্যাপী পৰ্যটনৰ বাবে উৎকৃষ্ট স্থান হিচাপে প্ৰচাৰৰ বাবে এয়াৰ ইণ্ডিয়াৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্রী গজেন্দ্ৰ সিং শ্বেখাৱতৰ উপস্থিতিত নতুন দিল্লীত কালি এই চুক্তি স্বাক্ষৰিত হয়। সামা...

July 28, 2026 11:17 AM

views 20

পঞ্চায়তীৰাজ প্রতিষ্ঠানসমূহ ভাৰতৰ গণতান্ত্রিক আৰু উন্নয়নমূলক যাত্ৰাৰ মূল আধাৰ বুলি কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙৰ প্রকাশ

পঞ্চায়তীৰাজ প্রতিষ্ঠানসমূহ ভাৰতৰ গণতান্ত্রিক আৰু উন্নয়নমূলক যাত্ৰাৰ মূল আধাৰ। নতুন দিল্লীত অনুষ্ঠিত আত্মনিৰ্ভৰ পঞ্চায়ত কাৰ্যসূচী আৰু সমর্থ পঞ্চায়ত প'ৰ্টেল মুকলি কৰি কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে এইদৰে কয়। মন্ত্রী শ্রী সিঙে কয়, যে এই পদক্ষেপসমূহে বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্যত উপনীত হোৱাৰ...

July 27, 2026 9:56 PM

views 24

লোকসভাত আজি লোক পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক ২০২৬ উত্থাপন

লোকসভাত আজি লোক পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক ২০২৬ উত্থাপন কৰা হয়। এই বিধেয়কৰ জৰিয়তে লোক পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) আইন ২০২৪ৰ সংশোধনী ঘটাবলৈ বিচৰা হৈছে। প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত আজি দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেঞ্চন দপ্তৰৰ ...