ৰাষ্ট্ৰীয়

July 27, 2026 9:50 PM

views 11

ৰাম মন্দিৰৰ বৰঙণিৰ ধন আত্মসাত অভিযোগৰ তদন্ত কৰিবলৈ গঠিত এছ আই টিত এজন ফৰেনচিক বিভাগৰ হিচাপ পৰীক্ষকক অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

অযোধ্যাৰ ৰাম মন্দিৰ ন্যাসে লাভ কৰা বৰঙণিৰ ধনৰ আত্মসাত্ৰ অভিযোগৰ তদন্ত কৰিবলৈ বিশেষ অনুসন্ধানকাৰী গোট-এছ আই টিত এজন ফৰেনচিক বিভাগৰ হিচাপ পৰীক্ষক অন্তৰ্ভুক্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে আজি উত্তৰ প্ৰদেশ চৰকাৰক নিৰ্দেশ দিয়ে।  উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুর্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ...

July 27, 2026 9:46 PM

views 26

আগষ্টৰ প্ৰথমাৰ্ধত আৰম্ভ হ’ব নাথুলা পাছৰ জৰিয়তে ভাৰত-চীনৰ মাজত সীমান্ত বাণিজ্য

নাথুলা পাছৰ জৰিয়তে ভাৰত আৰু চীনৰ মাজত সীমান্ত বাণিজ্য আগষ্ট মাহৰ প্ৰথমাৰ্ধত আৰম্ভ হ'ব। কোৱিড-১৯ মহামাৰীৰ প্ৰাদূৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত ২০২০ চনৰ পৰা এই ব্যৱস্থা বন্ধ হৈ আছিল। দুয়োখন দেশৰ পৰা বিষয়াসকলে সীমান্ত বাণিজ্য পুনৰ মুকলি কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি আমাৰ আকাশবাণীৰ গেংটকৰ সংবাদ...

July 27, 2026 9:42 PM

views 28

নীতিন গাডকাৰীক মেটা প্লেটফৰ্ম এক্স কর্প গোগল এল এল চি আৰু অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে দেৱানী গোচৰ ৰুজুৰ অনুমতি বম্বে উচ্চ ন্যায়ালয়ৰ

বম্বে উচ্চ ন্যায়ালয়ে আজি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক মেটা প্লেটফৰ্ম এক্স কর্প গোগল এল এল চি আৰু অন্যান্য অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এটা দেৱানী গোচৰ ৰুজু কৰিবলৈ অনুমতি প্ৰদান কৰে ।  শ্রীগাডকাৰীয়ে অভিযোগ কৰিছে যে ইথানেল মিশ্রিত ইন্ধন কাৰ্যসূচীৰ পৰা তেঁও আৰু তেওঁৰ পৰিয়াল ল...

July 27, 2026 9:39 PM

views 19

মেলবৰ্ণত ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত অভিনেতা পংকজ ত্রিপাঠীক প্ৰদান কৰা হ’ব আৰ্টিষ্ট অৱ ডিষ্টিংচন বঁটা

অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত অভিনেতা পংকজ ত্রিপাঠীক আৰ্টিষ্ট অৱ ডিষ্টিংচন বঁটাৰে সন্মানিত কৰা হ'ব। ভাৰতীয় চিনেমালৈ অভিনেতাসকলৰ ব্যতিক্রমী অৱদান আৰু দেশৰ অন্যতম সন্মানীয় অভিনেতা হিচাপে তেওঁৰ উল্লেখযোগ্য যাত্রাক উদযাপনৰ বাবে এই সন্মান প্ৰদান কৰা হ'ব।  ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনে...

July 27, 2026 9:29 PM

views 34

আই এছ এছ এফ বিশ্বকাপত মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাত ভাৰতৰ ইশা সিঙৰ সোণৰ পদক

চীনৰ হুৱাংজুত চলি থকা আই এছ এছ এফ বিশ্বকাপ প্রতিযোগিতাৰ আজি মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাত ভাৰতৰ ইশা সিঙে সোণৰ পদক অৰ্জন কৰে। অলিম্পিক পদক বিজয়ী মনু ভাকেৰে এই শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।  কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিযুষ গোৱেলে প্রতিযোগিতাত পদক অৰ্জন ক...

July 27, 2026 9:25 PM

views 37

কমনৱেলথ গেমছত ভাৰোত্তোলক ৰাজা মুথুপন্দিৰ ৰূপৰ পদক অৰ্জন

গ্লাচগোত চলি থকা কমনৱেলথ গেমছ ২০২৬ত ভাৰোত্তোলক ৰাজা মুথুপন্দিয়ে আজি পুৰুষৰ ৬৫ কেজি শাখাত ২৮৬ কেজি ভাৰ দাঙি ৰূপৰ পদক অৰ্জন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুধুপন্দিক তেওঁৰ এই সফলতাৰ বাবে অভিনন্দন জনাইছে।  সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, য...

July 27, 2026 8:02 PM

views 26

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত গঠিত আন্তঃমন্ত্ৰালয় কেন্দ্রীয় দলৰ শিৱসাগৰ-ডিব্ৰুগড়ৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন

ৰাজ্যৰ ভয়াবহ বান পৰিস্থিতিৰ মূল্যায়নৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত গঠিত আন্তঃ মন্ত্র্যালয় কেন্দ্রীয় দলে আজি শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰে।  শিৱসাগৰত উপস্থিত হৈ দলটোৱে জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে জিলা আয়ুক্তৰ কাৰ্যালয়ত বিস্তৃত প...

July 27, 2026 11:35 AM

views 25

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে নতুন প্ৰজন্মৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে নিৰন্তৰ সংস্কাৰৰ সিদ্ধান্ত গ্রহণ কৰি আহিছে বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্রকাশ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে নতুন প্ৰজন্মৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে নিৰন্তৰ সংস্কাৰৰ সিদ্ধান্ত গ্রহণ কৰি আহিছে বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰিছে। নন্দন নীলেকানিৰ নেতৃত্বত নতুনকৈ উচ্চ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা উল্লেখ কৰি শ্ৰীশ্বাহে কয়, যে এই কার্যবাহিনীয়ে কোনোৱে...

July 27, 2026 10:18 AM

views 24

পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে বিশেষ ক্ষমতা সম্পন্ন কার্যবাহিনী গঠনৰ কথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ঘোষণা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা বিশেষ ক্ষমতা সম্পন্ন কার্যবাহিনী গঠনৰ কথা ঘোষণা কৰিছে। বিশিষ্ট প্রযুক্তি বিশেষজ্ঞ নন্দন নীলেকানিয়ে এই কার্যবাহিনীক নেতৃত্ব দিব। এটা ভিডিঅ' বার্তাত প্রধানমন্ত্রী মোদীয়ে কয়, যে এই কার্যবাহিনীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ ওপৰত গুৰুত্ব আৰ...

July 27, 2026 10:10 AM

views 28

লোকসভাত আজি লোক পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক ২০২৬ উত্থাপন কৰা হ’ব

লোকসভাত আজি লোক পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক ২০২৬ উত্থাপন কৰা হ'ব। এই বিধেয়কৰ জৰিয়তে লোক পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) আইন ২০২৪ৰ সংশোধন কৰা হ'ব। কেন্দ্রীয় মন্ত্রী ড০ জিতেন্দ্র সিঙে এই বিধেয়কখন উত্থাপন কৰিব। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে কেন্দ্রীয় মন্ত্রীসভাই পৰীক্ষাত অসৎ উপায় অবলম্বন আৰু...