July 27, 2026 9:25 PM | Commonwealth

printer

কমনৱেলথ গেমছত ভাৰোত্তোলক ৰাজা মুথুপন্দিৰ ৰূপৰ পদক অৰ্জন

গ্লাচগোত চলি থকা কমনৱেলথ গেমছ ২০২৬ত ভাৰোত্তোলক ৰাজা মুথুপন্দিয়ে আজি পুৰুষৰ ৬৫ কেজি শাখাত ২৮৬ কেজি ভাৰ দাঙি ৰূপৰ পদক অৰ্জন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুধুপন্দিক তেওঁৰ এই সফলতাৰ বাবে অভিনন্দন জনাইছে। 

সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে ৰাজা মধুপন্দিৰ সফলতা দেশে গৌৰৱবোধ কৰিছে। তেওঁ মুথুপন্দিৰ ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ বাবে শুভেচ্ছা জনায়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাজা মুধুপন্দিৰ সফলতাত প্ৰতিজন ভাৰতীয় সুখী আৰু গৌৰবান্বিত। তেওঁ মুথুপন্দিক শুভেচ্ছা জ্ঞাপন কৰে ৷

উল্লেখযোগ্য যে ভাৰতে সম্প্ৰতি ৪ টা মেডেলেৰে প্ৰতিযোগিতাৰ পদক তালিকাত অষ্টম স্থানত আছে। অস্ট্রেলিয়া, ইংলেণ্ড আৰু স্কটলেণ্ড সম্প্ৰতি প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানত আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।