July 27, 2026 9:39 PM | award flim

printer

মেলবৰ্ণত ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত অভিনেতা পংকজ ত্রিপাঠীক প্ৰদান কৰা হ’ব আৰ্টিষ্ট অৱ ডিষ্টিংচন বঁটা

অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত অভিনেতা পংকজ ত্রিপাঠীক আৰ্টিষ্ট অৱ ডিষ্টিংচন বঁটাৰে সন্মানিত কৰা হ’ব। ভাৰতীয় চিনেমালৈ অভিনেতাসকলৰ ব্যতিক্রমী অৱদান আৰু দেশৰ অন্যতম সন্মানীয় অভিনেতা হিচাপে তেওঁৰ উল্লেখযোগ্য যাত্রাক উদযাপনৰ বাবে এই সন্মান প্ৰদান কৰা হ’ব।

 ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতাগৰাকীয়েও এই মহোৎসৱত অংশগ্ৰহণ কৰি মেলবর্ণত এই সন্মান লাভ কৰিব। ত্রিপাঠী “গেংছ অৱ ৱাছেইপুৰ”, “নিউটন”, আৰু “ষ্ট্ৰী” আদি চিনেমাত অভিনয় কৰাৰ বাবে পৰিচিত। অহা ১৩ আগষ্টৰ পৰা আৰম্ভ হবলগীয়া এই মহোৎসৱৰ সামৰণি পৰিব অহা ২৩ আগষ্টত ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।