নাথুলা পাছৰ জৰিয়তে ভাৰত আৰু চীনৰ মাজত সীমান্ত বাণিজ্য আগষ্ট মাহৰ প্ৰথমাৰ্ধত আৰম্ভ হ’ব। কোৱিড-১৯ মহামাৰীৰ প্ৰাদূৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত ২০২০ চনৰ পৰা এই ব্যৱস্থা বন্ধ হৈ আছিল। দুয়োখন দেশৰ পৰা বিষয়াসকলে সীমান্ত বাণিজ্য পুনৰ মুকলি কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি আমাৰ আকাশবাণীৰ গেংটকৰ সংবাদদাতাই জানিবলৈ দিছে।
দুয়োখন দেশৰ মাজৰ বাণিজৰ পুনৰ আৰম্ভণিয়ে পঞ্জীয়নভুক্ত ব্যৱসায়ী পৰিবহন খণ্ডৰ লোক আৰু সহযোগী খণ্ডৰ ব্যৱসায়ীৰ সৈতে জড়িত ব্যক্তিক উপকৃত কৰিব। উল্লেখযোগ্য যে ৪ দশকতকৈও অধিক কাল বাণিজ্যৰ আদান প্রদান বন্ধ হৈ থকাৰ পাছত ২০০৬ চনত নাথুলা পাছেৰে দুয়োখন দেশৰ মাজত পুনৰ বাণিজ্য আৰম্ভ হৈছিল।