আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব তথা ভাৰত, অস্ট্রেলিয়া আৰু জাপানৰ বিদেশ মন্ত্রীসকলে কালি জর্জিয়াৰ আটলাণ্টাত বৈঠকত মিলিত হয়। তেওঁলোকে কোৱাড ৰাষ্ট্ৰ গোষ্ঠীৰ সম্প্ৰতি ৰূপায়ণ হৈ থকা পদক্ষেপসমূহৰ অগ্রগতি সন্দৰ্ভত আলোচনা কৰাৰ লগতে এখন মুক্ত ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা পুনৰ নিশ্চিত কৰে।
অর্থনৈতিক সমৃদ্ধি আৰু নিৰাপত্তা সন্দৰ্ভত কোৱাড যুটীয়া প্ৰেছ বিবৃতিত প্রকাশ পোৱা মতে, বিদেশ মন্ত্রীসকলে গোলকীয় স্থিৰতা আৰু সমৃদ্ধি বজাই ৰখাৰ বাবে অৰ্থনৈতিক সুৰক্ষাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে।
তেওঁলোকে নিৰ্ভৰযোগ্য আৰু মুক্ত গোলকীয় যোগান শৃংখল গঢ়ি তোলাৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্রুতিবদ্ধতাৰ কথা দোহাৰে। তেওঁলোকে লগতে হৰমুজ প্রণালী, ৰেড চি আৰু বব-অল-মাণ্ডেব প্রণালীত সমুদ্র পথত সুৰক্ষিতভাৱে চলাচল কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।
কোৱাড মন্ত্রীসকলে ভবিষ্যতৰ অৰ্থনৈতিক বিকাশৰ বাবে পেক্স চিলিকাৰ দৰে কৃত্রিম বুদ্ধিমত্তা তথা পদক্ষেপৰ গুৰুত্বতো আলোকপাত কৰে। তেওঁলোকে লগতে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তালৈ ভাবুকি অনা অনলাইন আৰু চাইবাৰ প্ৰৱঞ্চনাৰ বৰ্ধিত ৰূপক লৈ গভীৰ উদ্বেগ প্রকাশ কৰে।
বৈঠকত মন্ত্রীসকলে যোৱা ২৬ আগষ্টত নেপালৰ আকস্মিক বানত প্রাণ হেৰুওৱাসকললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁলোকে নেপালৰ দুৰ্যোগৰ সময়ত উদ্ধাৰ অভিযানত ভাৰতৰ আগশাৰীৰ ভূমিকাৰ লগতে কোৱাড ৰাষ্ট্ৰসমূহে দেশখনলৈ আগবঢ়োৱা সমর্থনৰ কথা উল্লেখ কৰে।
বৈঠকত অংশ লৈ বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে ভাৰত-প্ৰশান্ত মহাসাগৰ খণ্ডৰ প্ৰতি নিৰন্তৰ প্রতিশ্রুতিবদ্ধতাৰ অংশ হিচাপে স্থিৰতা বজাই ৰখা প্রগতি তথা ইচ্ছামতে পছন্দৰ অধিকাৰ নিশ্চিত কৰাৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ড° জয়শংকৰে শান্তি আৰু স্থিৰতা বজাই ৰখাৰ বাবে সন্ত্রাসবাদ বিৰোধী, সামুদ্রিক সুৰক্ষা আৰু দক্ষতা নির্মাণ চুক্তিসমূহ আগবঢ়াই লৈ যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।