মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠক

ৰাজ্য চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে কালি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়।

শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চুকাফা সভাকক্ষত জিলা আয়ুক্ত মৃদুল যাদৱৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে শিৱসাগৰ আৰু চৰাইদেউ জিলাত বর্তমান ৰূপায়ণ হৈ থকা আঁচনি তথা কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়।

শ্রীদৈমাৰীয়ে এই জিলা দুখনত খেল মহাৰণৰ তৃতীয় সংস্কৰণৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰি সম্ভাৱনাময় যুব ক্রীড়া প্রতিভাক উৎসাহিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে ৰাজ্যখনত প্ৰথমবাৰ বাবে আয়োজন কৰা শিশু ক্রীড়া সমাৰোহত ১৩ বছৰ অনুৰ্ধৰ কিশোৰ-কিশোৰীসকলক অংশগ্ৰহণৰ প্ৰতি উৎসাহিত কৰিবলৈ আহ্বান জনায়।

ৰেচম বিভাগৰ অন্তৰ্গত মুগা, পাট আৰু এড়ি পলুৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত সম্মুখীন হোৱা অসুবিধা আৰু আসোঁৱাহসমূহ দূৰ কৰাৰ বিষয়ে আলোচনা কৰে। তেওঁ লগতে শেহতীয়া বানত ক্ষতিগ্রস্ত হস্ততাঁত বস্ত্ৰশিল্পৰ অধীনৰ শিপিনীসকলক সকাহ দিয়াৰ বাবে সহায়ক আৰু বহনক্ষম ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰে।