অসম আৰক্ষীৰ ২৩ গৰাকী বিষয়া কনিষ্টবলৰ বিভিন্ন ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতা আৰু শ্রেষ্ঠতম সেৱাৰ বাবে চলিত বৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্রী দক্ষতা পদক লাভ

অসম আৰক্ষীৰ ২৩ গৰাকী বিষয়া কনিষ্টবলে বিভিন্ন ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতা আৰু শ্রেষ্ঠতম সেৱাৰ বাবে চলিত বৰ্ষৰ কেন্দ্রীয় গৃহমন্ত্রী দক্ষতা পদক লাভ কৰিছে। ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি কালি ঘোষণা কৰা এই পদকসমূহৰ দুটা শাখাৰ বাবে মুঠ ২৩ গৰাকী আৰক্ষী বিষয়া আৰু কনিষ্টবলক বাচনি কৰা হৈছে।

বিশেষ অভিযানৰ ক্ষেত্ৰত আগবঢ়োৱাপাৰদৰ্শিতাৰ বাবে ১৯ গৰাকী বিষয়া-কর্মচাৰীলৈ গৃহমন্ত্ৰীৰ দক্ষতা পদক আগবঢ়োৱা হৈছে।

পদকপ্রাপ্ত বিষয়া-কনিষ্টবল কেইগৰাকীৰ ভিতৰত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰণৱ কুমাৰ পেগু, অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক, উপ-আৰক্ষী আয়ুক্ত অনুৰাগ শৰ্মা, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জী তালুকদাৰ, পৰিদৰ্শক কমলেশ সিং, ভাস্কৰ মল্ল পাটোৱাৰী, চন্দন জ্যোতি বৰা, বিক্ৰম বসুমতাৰী, ড০ শংকৰ জ্যোতি নাথ আৰু কপিল পাঠক, উপ-পৰিদৰ্শক ৰোহিত দাস, অংশুমণি কলিতা, দেইজী নাথ, জিতুমণি ৰাভা আৰু প্ৰণৱ জ্যোতি ভট্টাচার্য, অতিৰিক্ত উপ-পৰিদৰ্শক আহমেদ আলী, লেন্স নায়ক কমল বড়ো আৰু কনিষ্টবল বকুল মেধি আছে।

একেদৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষক ড০ ভি শিৱপ্ৰসাদ গাঞ্জালা, অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বিৰাজ ৰাজখোৱা, চক্ৰ পৰিদৰ্শক কমল চন্দ্ৰ ৰাজবংশী আৰু উপ-পৰিদৰ্শক মোৱাওটি বসুমতাৰীলৈ তদন্তৰ ক্ষেত্ৰৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্রী দক্ষতা পদক আগবঢ়োৱা হৈছে।