গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰক অগৰু চীপছ আৰু অগৰু তেল ৰপ্তানিৰ বাবে অনুমোদিত ৰপ্তানি কেন্দ্ৰ হিচাপে কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতি প্রদান

কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰক অগৰু চীপছ আৰু অগৰু তেল ৰপ্তানিৰ বাবে অনুমোদিত ৰপ্তানি কেন্দ্ৰ হিচাপে স্বীকৃতি প্রদান কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰি কয়, যে এই সিদ্ধান্তই অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সাঁচী গছৰ কৃষক, উৎপাদক আৰু ৰপ্তানীকাৰীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰ সুলভ কৰি তুলিব।

ইয়াৰ উপৰি পৰিবহণৰ সুবিধা হ্রাস পাব আৰু স্থানীয় উদ্যোগীৰ বাবে নতুন বজাৰ তথা অর্থনৈতিক সম্ভাৱনাৰ দুৱাৰ মুকলি হ’ব বুলি ড° শৰ্মাই মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্ত অসমৰ উন্নয়নৰ প্ৰতিটো গুৰুত্বপূৰ্ণ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা সহায়-সহযোগিতাৰ উল্লেখযোগ্য নিদর্শন বুলি প্রকাশ কৰে।