ৰাষ্ট্ৰীয়

July 29, 2026 8:11 PM

views 12

ৰাজ্যসভাত ৰাষ্ট্ৰীয় সন্মান অপমান প্ৰতিৰোধ সংশোধনী বিধেয়ক ২০২৬ গৃহীত

ৰাষ্ট্ৰীয় সন্মান অপমান প্ৰতিৰোধ সংশোধনী বিধেয়ক ২০২৬ আজি ৰাজ্যসভাত গৃহীত হয়। এই বিধেয়কখনৰ জৰিয়তে ১৯৭১ চনৰ ৰাষ্ট্ৰীয় গৌৰৱৰ প্ৰতি অপমান প্ৰতিৰোধ আইনখনক সংশোধন কৰিব বিচৰা হৈছে। প্রস্তাবিত বিধেয়কখনত বন্দে মাতৰমক ৰাষ্ট্ৰীয় সংগীত জন গণ মনৰ সমান সাংবিধানিক সুৰক্ষা কবচ প্রদান কৰিব বিচৰা হৈছে। বিধেয়কখনত এনে অ...

July 29, 2026 8:05 PM

views 17

লোকসভাত লোক পৰীক্ষা, অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক, ২০২৬ গৃহীত

লোকসভাত আজি লোক পৰীক্ষা, অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক, ২০২৬ গৃহীত হয়। বিধেয়কখনৰ জৰিয়তে ২০২৪ চনৰ লোক পৰীক্ষা অসাধু পন্থা আইনখনৰ সংশোধন কৰিব বিচৰা হৈছে। বিধেয়কখনত ১০ বছৰৰ কাৰাবাস, ১০ কোটি টকা পর্যন্ত জৰিমণা আৰু দোষী সাব্যস্ত হোৱা অপৰাধীৰ সম্পত্তি বাজেয়াপ্তকে ধৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে।...

July 29, 2026 7:28 PM

views 24

আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কার্যসূচী

আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হৈছে। বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে ২৯ জুলাইৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। উল্লেখযোগ্য যে বাঘ সংৰক্ষণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰতৰ স্থান অন্যতম।...

July 29, 2026 7:12 PM

views 26

বানত ক্ষতিগ্ৰস্ত চাৰিখন জিলাৰ শৈক্ষিক প্ৰমাণপত্ৰ নষ্ট হোৱাসকলৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ বিশেষ ব্যৱস্থা গ্ৰহণ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ শেহতীয়া বানত শৈক্ষিক প্ৰমাণপত্ৰ নষ্ট হোৱা সকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।  এই সন্দৰ্ভত বিদ্যালয় শিক্ষা পৰিষদৰ সচিব নৰনাৰায়ণ নাথে জাৰি কৰা এখন অধিসূচনা অনুসৰি এই জিলাকেইখনত বানত ক্ষতিগ্রস্ত ছাত্র-ছাত্রী অথবা অন্যা...

July 29, 2026 2:45 PM

views 49

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসঃ ‘বিশ্বৰ মুঠ বাঘৰ ৭০ শতাংশ ভাৰতত আছে’- প্ৰধানমন্ত্ৰী মোদী

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস। বিশ্বত বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে ২৯ জুলাইৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উপলক্ষে বন্যপ্রাণী প্রেমীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যম...

July 29, 2026 2:47 PM

views 42

লোকসভাত আজি লোক পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক, ২০২৬ গৃহীতকৰণ সন্দৰ্ভত আলোচনা

লোকসভাত আজি লোক পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক, ২০২৬ গৃহীতকৰণ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। প্ৰথমবাৰৰ বাবে নিম্ন সদন স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত এই বিধেয়কখনক লৈ আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশ লৈ জে ডি ইউৰ সাংসদ দিলেশ্বৰ কামাইটে সংসদত এই বিধেয়কখন অনা...

July 29, 2026 2:38 PM

views 35

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস। বিশ্বত বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে ২৯ জুলাইৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। উল্লেখযোগ্য যে বাঘ সংৰক্ষণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰতৰ স্থান অন্যতম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেও এই দিশত বিশেষ সফলতা লাভ কৰিছে আৰু...

July 29, 2026 1:31 PM

views 38

আজি সমগ্ৰ দেশতে গুৰু পূৰ্ণিমা উদযাপন

আজি সমগ্ৰ দেশতে গুৰু পূৰ্ণিমা উদযাপন কৰা হৈছে। ব্যাস পূর্ণিমাৰূপেও পৰিচিত এই উৎসৱ আধ্যাত্মিকতা আৰু শিক্ষাগুৰুৰ প্ৰতি গভীৰ শ্ৰদ্ধাৰ প্ৰতীকস্বৰূপ। আজিৰ এই বিশেষ উৎসৱত জনসাধাৰণে তেওঁলোকৰ জীৱনত জ্ঞানৰ পোহৰ বিলোৱা শিক্ষাগুৰুৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। বুদ্ধত্ব প্রাপ্তিৰ পাছত ভগৱান বুদ্ধই আজিৰ এই পৱিত্ৰ ...

July 28, 2026 10:00 PM

views 30

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ কাৰ্যকালৰ ৪ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে তেওঁৰ কাৰ্যকালৰ ৪ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত আজি ভার্চুৱেলযোগে কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰে। ভাষণ প্ৰসঙ্গত তেওঁ জাতিটোৰ উন্নয়ন আৰু সাংস্কৃতিক নৱজাগৰণ সন্দৰ্ভত আলোকপাত কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে বিগত চাৰি বছৰত ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু আত...

July 28, 2026 9:55 PM

views 24

লোকসভাত লোক পৰীক্ষা (অসাধু উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক ২০২৬ সন্দৰ্ভত আলোচনা, শাসক-বিৰোধী উভয় পক্ষই অংশগ্ৰহণ

লোকসভাত আজি লোক পৰীক্ষা (অসাধু উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক ২০২৬ বিবেচনা আৰু গৃহীত কৰাৰ উদ্দেশ্যে আলোচনা কৰা হয়। এই বিধেয়কৰ জৰিয়তে লোকপৰীক্ষা (অসাধু উপায় প্ৰতিৰোধ) আইন ২০২৪ৰ সংশোধনী ঘটাবলৈ বিচৰা হৈছে। এই বিধেয়কখনৰ জৰিয়তে অভিযুক্তৰ বিৰুদ্ধে ১০ বছৰৰ কাৰাবাস, ১০ কোটি টকাৰ জৰিমনা, দোষী সাব্যস্ত ...