বানত ক্ষতিগ্ৰস্ত চাৰিখন জিলাৰ শৈক্ষিক প্ৰমাণপত্ৰ নষ্ট হোৱাসকলৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ বিশেষ ব্যৱস্থা গ্ৰহণ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ শেহতীয়া বানত শৈক্ষিক প্ৰমাণপত্ৰ নষ্ট হোৱা সকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। 

এই সন্দৰ্ভত বিদ্যালয় শিক্ষা পৰিষদৰ সচিব নৰনাৰায়ণ নাথে জাৰি কৰা এখন অধিসূচনা অনুসৰি এই জিলাকেইখনত বানত ক্ষতিগ্রস্ত ছাত্র-ছাত্রী অথবা অন্যান্য লোকক হাইস্কুল শিক্ষান্ত পৰীক্ষা, অসম হাই মাদ্ৰাছা পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ, মার্কশ্বিট, প্ৰৱেশ পত্ৰ আৰু পঞ্জীয়ন কাৰ্ডৰ প্ৰতিলিপি কোনো ধৰণৰ মাচুল নোলোৱাকৈ প্ৰদান কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাৰ তথ্যপাতিৰ বাবে sebaservice.in আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ তথ্যপাতিৰ বাবে ahsec.assam.gov.in পোৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। 

আবেদন প্ৰক্ৰিয়াত আৰক্ষীৰ কোনো প্রতিবেদন সংলগ্ন কৰাৰ প্ৰয়োজন নাই বুলি অধিসূচনাত উল্লেখ কৰা হৈছে। ইয়াৰ পৰিৱৰ্তে বানত ক্ষতিগ্রস্ত বুলি এখন স্ব-প্রমাণপত্র আবেদনকাৰীসকলে পোৰ্টেলত আপলোড কৰিব লাগিব। ভুক্তভোগী ছাত্রছাত্ৰী তথা আন লোকৰ বাবে বিশেষ সকাহ হিচাপে মাছুল ৰেহাই দিয়া হৈছে বুলিও বিদ্যালয় শিক্ষা পৰিষদে উল্লেখ কৰিছে।