আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস। বিশ্বত বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে ২৯ জুলাইৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে।
উল্লেখযোগ্য যে বাঘ সংৰক্ষণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰতৰ স্থান অন্যতম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেও এই দিশত বিশেষ সফলতা লাভ কৰিছে আৰু ২০০৭ চনত কাজিৰঙাই ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি লাভ কৰে৷
মানস ৰাষ্ট্ৰীয় উদ্যানতো আজি আন্তর্জাতিক ব্যাঘ্র দিৱস পালন কৰা হৈছে। আজি ব্যাঘ্ৰ দিৱসৰ কাৰ্যসূচী অনুসৰি উদ্যানখনত সংৰক্ষণৰ দিশটো কেনেদৰে অধিক কার্যক্ষম কৰি তুলিব পৰা হয় সেই সন্দৰ্ভত আলোচনা কৰা হ’ব। ৰাষ্ট্ৰীয় উদ্যানখনত বন বিভাগৰ সহযোগত তিনিটা স্বেচ্ছাসেৱী সংগঠনে এই দিৱসৰ আয়োজন কৰিছে। এই উপলক্ষে আজি পুৱা চাইকেল সমদল উলিওৱা হয়।
ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো আজি আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস পালন কৰা হৈছে। এই উপলক্ষে সজাগতা সভাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি অহাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ দুগৰাকী বন কৰ্মীয়ে ৰাষ্ট্রীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ পৰা আগবঢ়োৱা বঁটা গ্ৰহণ কৰিবলৈ নতুন দিল্লীলৈ গৈছে।
আন্তৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসৰ লগত সংগতি ৰাখি বিশ্বনাথ বন্যপ্রণী সংমণ্ডলৰ অধীনত বিশ্বনাথ গলিয়া খেলপথাৰত আজি সজাগতা সৃষ্টিৰ বাবে এখন প্রীতি ফুটবল খেলৰ আয়োজন কৰা হৈছে। বিয়লি চাৰে তিনি বজাত খেলখন অনুষ্ঠিত হ’ব।