July 29, 2026 7:28 PM | World Tiger Day

printer

আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কার্যসূচী

আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হৈছে। বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে ২৯ জুলাইৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে।

উল্লেখযোগ্য যে বাঘ সংৰক্ষণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰতৰ স্থান অন্যতম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেও এই দিশত বিশেষ সফলতা লাভ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্র সংৰক্ষিত অঞ্চল বিশ্বনাথ বন্যপ্রাণী খণ্ডৰ উদ্যোগত আজি বিশ্বনাথ জিলাৰ গলিয়া খেলপথাৰত এই উপলক্ষে টাইগাৰ কাপ ফুটবল প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। ইয়াৰ জৰিয়তে জনসাধাৰণৰ মাজত বাঘৰ সংৰক্ষণ, বাঘৰ প্ৰাকৃতিক আৱাস স্থলৰ সুৰক্ষা তথা অবৈধ চিকাৰ ৰোধৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে।

মানস ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ দিৱসৰ কাৰ্যসূচীত বাঘ সংৰক্ষণৰ দিশটো কেনেদৰে অধিক কাৰ্যক্ষম কৰি তুলিব পৰা হয় সেই সন্দৰ্ভত আলোচনা কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনত বন বিভাগৰ সহযোগত তিনিটা স্বেচ্ছাসেৱী সংগঠনে এই দিৱসৰ আয়োজন কৰে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো আন্তর্জাতিক ব্যাঘ্ৰ দিৱস উপলক্ষে সজাগতা সভাৰ আয়োজন কৰা হৈছে ।

উল্লেখযোগ্য যে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা ৰাষ্ট্ৰীয় উদ্যানখনৰ দুগৰাকী বন কৰ্মী মমী বসুমতাৰী, মৌচুমী দাস আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ বন মজদুৰ গীমচাৰ স্বাইনাৰীক আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ বঁটা আগবঢ়োৱা হয়।