আজি সমগ্ৰ দেশতে গুৰু পূৰ্ণিমা উদযাপন

আজি সমগ্ৰ দেশতে গুৰু পূৰ্ণিমা উদযাপন কৰা হৈছে। ব্যাস পূর্ণিমাৰূপেও পৰিচিত এই উৎসৱ আধ্যাত্মিকতা আৰু শিক্ষাগুৰুৰ প্ৰতি গভীৰ শ্ৰদ্ধাৰ প্ৰতীকস্বৰূপ। আজিৰ এই বিশেষ উৎসৱত জনসাধাৰণে তেওঁলোকৰ জীৱনত জ্ঞানৰ পোহৰ বিলোৱা শিক্ষাগুৰুৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

বুদ্ধত্ব প্রাপ্তিৰ পাছত ভগৱান বুদ্ধই আজিৰ এই পৱিত্ৰ দিনটোতেই তেওঁৰ অনুগামী আৰু শিষ্যসকলক প্রথম ধর্মোপদেশ দিছিল। এই উদ্দেশ্যে তেওঁ বুদ্ধগয়াৰ পৰা সাৰনাথলৈ যাত্ৰা কৰি পূৰ্ণিমাৰ দিনটোতেই ধর্মোপদেশ প্রদান কৰিছিল। বৌদ্ধধৰ্মী লোকসকলে ভগৱান বুদ্ধৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰি উদযাপন কৰা এই দিনটো সেইবাবে গুৰু পূৰ্ণিমাৰূপে জনাজাত।

গুৰু পূর্ণিমা উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, যে জ্ঞান প্ৰদানৰ উপৰিও এগৰাকী গুৰুৱে নিয়মানুৱৰ্তিতা, আদৰ্শ আৰু মূল্যবোধৰ শিক্ষাৰে এগৰাকী লোকৰ জীৱন উজ্বলাই তোলে। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো গুৰু পূর্ণিমা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীবিৰলাই কয়, যে গুৰু পূর্ণিমা হৈছে ভাৰতীয় সংস্কৃতি উদযাপনৰ এনে এক অংশ যিয়ে শতিকাজুৰি জ্ঞান, মূল্যবোধ, সত্য আৰু মানৱীয়তাৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰি আহিছে। তেওঁ কয়, যে আমাৰ জীৱনক বিশেষ নির্দেশনা, দৃষ্টিভংগী আৰু বোধৰ জ্ঞান প্ৰদান কৰা গুৰুসকলক আজিৰ এই পৱিত্ৰ দিনটোতে কৃতজ্ঞতা জনোৱা হয়।

গুৰু পূর্ণিমা উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয়, যে ভাৰতীয় সমাজ আৰু সংস্কৃতিত গুৰুসকলে অতি উচ্চ আসন লাভ কৰি আহিছে। মন্ত্ৰী শ্ৰীশ্বাহে জীৱনত জ্ঞান প্ৰদান, চৰিত্ৰ অভ্যাস গঠন আৰু সুন্দৰ ভৱিষ্যতৰ স্বপ্ন দেখুওৱা প্ৰতিগৰাকী গুৰুলৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।