July 29, 2026 1:31 PM

views 28

আজি সমগ্ৰ দেশতে গুৰু পূৰ্ণিমা উদযাপন

আজি সমগ্ৰ দেশতে গুৰু পূৰ্ণিমা উদযাপন কৰা হৈছে। ব্যাস পূর্ণিমাৰূপেও পৰিচিত এই উৎসৱ আধ্যাত্মিকতা আৰু শিক্ষাগুৰুৰ প্ৰতি গভীৰ শ্ৰদ্ধাৰ প্ৰতীকস্বৰূপ। আজিৰ এই বিশেষ উৎসৱত জনসাধাৰণে তেওঁলোকৰ জীৱনত জ্ঞানৰ পোহৰ বিলোৱা শিক্ষাগুৰুৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। বুদ্ধত্ব প্রাপ্তিৰ পাছত ভগৱান বুদ্ধই আজিৰ এই পৱিত্ৰ দিনটোতেই তেওঁৰ অনুগামী আৰু শিষ্যসকলক প্রথম ধর্মোপদেশ দিছিল। এই উদ্দেশ্যে তেওঁ বুদ্ধগয়াৰ পৰা সাৰনাথলৈ যাত্ৰা কৰি পূৰ্ণিমাৰ দিনটোতেই ধর্মোপদেশ প্রদান কৰিছিল। বৌদ্ধধৰ্মী লোকসকলে ভগৱান বুদ্ধৰ প্ৰতি কৃতজ্...

July 11, 2025 1:07 PM

views 38

গুৰু পূৰ্ণিমাৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ৰ আউনীআটি বিদ্যা নিকেতনত প্ৰাচীৰ পত্ৰিকা উন্মোচন

● গুৰু পূৰ্ণিমাৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ৰ মানকটা লক্ষ্মীনগৰত অৱস্থিত আউনীআটি বিদ্যা নিকেতনত কালি এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ দেৱগোস্বামীয়ে গুৰু পূৰ্ণিমাৰ বিশেষত্ব সন্দৰ্ভত ব্যাখ্যা কৰে। শিক্ষানুষ্ঠানখনৰ এখন পত্রিকাও আনুষ্ঠানিকভাৱে উন্মোচন কৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক সৃষ্টিশীল কাম-কাজ অব্যাহত ৰাখিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত অঞ্চলটোৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে। গুৰু পূর্ণিমা উপলক্ষে শিক্ষানুষ্ঠান...