আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসঃ ‘বিশ্বৰ মুঠ বাঘৰ ৭০ শতাংশ ভাৰতত আছে’- প্ৰধানমন্ত্ৰী মোদী

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস। বিশ্বত বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে ২৯ জুলাইৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উপলক্ষে বন্যপ্রাণী প্রেমীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰী ৰাধাকৃষ্ণণে কয়, যে ভাৰতত বাঘৰ সংখ্যা পৃথিৱীৰ ভিতৰতে সৰ্বাধিক। এই সফলতাৰ আঁৰত ব্যাঘ্ৰ সংৰক্ষণস্থলী উন্নীতকৰণ, বিজ্ঞানসন্মত নিৰীক্ষণ, চোৰাং চিকাৰ ৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ লগতে বনকৰ্মী, বিজ্ঞানী, বন সংৰক্ষণকাৰী আৰু স্থানীয় লোকসকলৰ ভূমিকা উল্লেখযোগ্য বুলি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে।

প্ৰধানমন্ত্রী মোদীয়ে কয়, যে বিশ্বৰ মুঠ বাঘৰ ৭০ শতাংশ ভাৰতত আছে। ভাৰতৰ ব্যাঘ্ৰ সংৰক্ষণ প্ৰচেষ্টা দেশখনৰ প্ৰকৃতিৰ সৈতে মানুহৰ সহাৱস্থানৰ শতিকা পুৰণি পৰম্পৰাৰ দ্বাৰা প্ৰভাৱিত বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয়, যে দেশত বিজ্ঞানসন্মত সংৰক্ষণ, জনসাধাৰণৰ অংশগ্রহণ আৰু বহনক্ষম উন্নয়নৰ জৰিয়তে ব্যাঘ্ৰ সংৰক্ষণ ব্যৱস্থা শক্তিশালী কৰা হ’ব। এই দিৱস উপলক্ষে তেওঁ বন বিষয়া, বিজ্ঞানী আৰু ব্যাঘ্ৰ সংৰক্ষণৰ সৈতে জড়িত লোকসকলৰ প্রতি কৃতজ্ঞতা জ্ঞাপন কৰে। মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত দূৰ কৰাৰ ক্ষেত্ৰত ভাৰতে শক্তিশালীভাৱে কাম কৰি যাব বুলিও তেওঁ প্ৰকাশ কৰে।

উল্লেখযোগ্য যে বাঘ সংৰক্ষণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰতৰ স্থান অন্যতম। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেও এই দিশত বিশেষ সফলতা লাভ কৰিছে আৰু ২০০৭ চনত কাজিৰঙাই ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি লাভ কৰে।
মানস ৰাষ্ট্ৰীয় উদ্যানতো আজি আন্তর্জাতিক ব্যাঘ্ৰ দিৱস পালন কৰা হৈছে। আজি ব্যাঘ্ৰ দিৱসৰ কাৰ্যসূচী অনুসৰি উদ্যানখনত সংৰক্ষণৰ দিশটো কেনেদৰে অধিক কাৰ্যক্ষম কৰি তুলিব পৰা হয় সেই সন্দৰ্ভত আলোচনা কৰা হয়।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো আজি আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস পালন কৰা হৈছে। এই উপলক্ষে সজাগতা সভাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি অহাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ দুগৰাকী বন কৰ্মী মমী বসুমতাৰী আৰু মৌচুমী দাসে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ পৰা আগবঢ়োৱা বঁটা গ্ৰহণ কৰিবলৈ নতুন দিল্লীলৈ গৈছে।