কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত গঠিত আন্তঃমন্ত্ৰালয় কেন্দ্রীয় দলৰ শিৱসাগৰ-ডিব্ৰুগড়ৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন

ৰাজ্যৰ ভয়াবহ বান পৰিস্থিতিৰ মূল্যায়নৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত গঠিত আন্তঃ মন্ত্র্যালয় কেন্দ্রীয় দলে আজি শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰে। 

শিৱসাগৰত উপস্থিত হৈ দলটোৱে জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে জিলা আয়ুক্তৰ কাৰ্যালয়ত বিস্তৃত পর্যালোচনা বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত বান পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান তথা পুনৰ্বাসন কাৰ্যৰ বিৱৰণ সংগ্ৰহ কৰে। বৈঠকত মন্ত্ৰী কেশৱ মহন্ত আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাও উপস্থিত থাকে। 

বৈঠকৰ অন্তত দলটোৱে চাণ্টক, বিহুবৰ, , নাজিৰা, বেটবাৰী, চাৰিং, জাঁজী আৰু আমগুৰিকে ধৰি কেইবাটাও বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰি ক্ষতিৰ বুজ লয়। জিলা প্ৰশাসনে জনোৱা অনুসৰি বানপানীৰ ফলত জিলাখনৰ ৩৮৫ গাঁও আৰু চাৰি লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। এই বানত ৩১ জন লোকৰ মৃত্যু হোৱাৰ লগতে তিনিগৰাকী এতিয়াও নিখোজ হৈ আছে।

 পশুপালন খণ্ডতো বানৰ প্ৰভাৱ পৰিছে। অৱশ্যে অঞ্চলবোৰত সাহায্য আৰু উদ্ধাৰ অভিযান চলি আছে যদিও জিলা প্রশাসনে দীর্ঘম্যাদী পুনর্বাসন কার্যত অধিক গুৰুত্ব দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।