July 27, 2026 8:22 PM

views 1

বান পৰিস্থিতিত কর্তব্যত গাফিলতিৰ অভিযোগত শিৱসাগৰৰ এগৰাকী গাঁওপ্রধানক বৰ্খাস্ত

শিৱসাগৰ জিলাত অব্যাহত থকা ভয়াৱহ বান পৰিস্থিতিৰ মাজতে কর্তব্যত গাফিলতি কৰাৰ অভিযোগত এগৰাকী গাঁও প্রধানক জিলা প্ৰশাসনে সাময়িকভাৱে বৰ্খাস্ত কৰিছে। জানিব পৰা মতে তৃণমূল পৰ্যায়ত বান সাহায্য বিতৰণ, উদ্ধাৰ অভিযান, ক্ষয়-ক্ষতিৰ মূল্যায়ণ আৰু বান প্ৰভাৱিত ৰাইজৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত গাঁও প্ৰধানসকলক গুৰুত্বপূৰ্ণ দায়িত্ব অর্পণ কৰা হৈছে।  কিন্তু গাঁওপ্রধানজনৰ বিষয়ে চৰকাৰী নিৰ্দেশ অমান্য কৰা, কর্তব্যত অপস্থিত থকা, যোগাযোগ বিহিন হৈ সাহায্য আৰু উদ্ধাৰ অভিযানত কোনো সঁহাৰি নিদিয়াৰ অভিযোগত গাঁওপ্রধা...

July 27, 2026 8:02 PM

views 4

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত গঠিত আন্তঃমন্ত্ৰালয় কেন্দ্রীয় দলৰ শিৱসাগৰ-ডিব্ৰুগড়ৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন

ৰাজ্যৰ ভয়াবহ বান পৰিস্থিতিৰ মূল্যায়নৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত গঠিত আন্তঃ মন্ত্র্যালয় কেন্দ্রীয় দলে আজি শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰে।  শিৱসাগৰত উপস্থিত হৈ দলটোৱে জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে জিলা আয়ুক্তৰ কাৰ্যালয়ত বিস্তৃত পর্যালোচনা বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত বান পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান তথা পুনৰ্বাসন কাৰ্যৰ বিৱৰণ সংগ্ৰহ কৰে। বৈঠকত মন্ত্ৰী কেশৱ মহন্ত আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাও উপস্থিত থাকে।...