শিৱসাগৰ জিলাত অব্যাহত থকা ভয়াৱহ বান পৰিস্থিতিৰ মাজতে কর্তব্যত গাফিলতি কৰাৰ অভিযোগত এগৰাকী গাঁও প্রধানক জিলা প্ৰশাসনে সাময়িকভাৱে বৰ্খাস্ত কৰিছে। জানিব পৰা মতে তৃণমূল পৰ্যায়ত বান সাহায্য বিতৰণ, উদ্ধাৰ অভিযান, ক্ষয়-ক্ষতিৰ মূল্যায়ণ আৰু বান প্ৰভাৱিত ৰাইজৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত গাঁও প্ৰধানসকলক গুৰুত্বপূৰ্ণ দায়িত্ব অর্পণ কৰা হৈছে।
কিন্তু গাঁওপ্রধানজনৰ বিষয়ে চৰকাৰী নিৰ্দেশ অমান্য কৰা, কর্তব্যত অপস্থিত থকা, যোগাযোগ বিহিন হৈ সাহায্য আৰু উদ্ধাৰ অভিযানত কোনো সঁহাৰি নিদিয়াৰ অভিযোগত গাঁওপ্রধান গৰাকীক সাময়িকভাৱে কৰ্তব্যৰ পৰা বৰ্খাস্ত কৰা হৈছে।
এই অভিযোগৰ ভিত্তিত শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ আলিছিগা, আজাৰগুৰি, বনোমা কৈৱৰ্ত আৰু বলোমা মিলি গাঁৱৰ গাঁওপ্ৰধান খিৰোজা য়েইন আৰু শিৱসাগৰ জিলাৰ আয়ুক্তৰ নিৰ্দেশত গাঁও প্রধানজনক সাময়িকভাৱে কৰ্তব্যৰ আঁতৰাই ৰখা হৈছে।