পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে বিশেষ ক্ষমতা সম্পন্ন কার্যবাহিনী গঠনৰ কথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ঘোষণা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা বিশেষ ক্ষমতা সম্পন্ন কার্যবাহিনী গঠনৰ কথা ঘোষণা কৰিছে। বিশিষ্ট প্রযুক্তি বিশেষজ্ঞ নন্দন নীলেকানিয়ে এই কার্যবাহিনীক নেতৃত্ব দিব।

এটা ভিডিঅ’ বার্তাত প্রধানমন্ত্রী মোদীয়ে কয়, যে এই কার্যবাহিনীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ আৰু ইয়াৰ প্ৰতিবেদনৰ ভিত্তিত যিমান পাৰি শীঘ্ৰে হ’বলগীয়া পৰীক্ষাসমূহৰ বিশ্বাস যোগ্যতা নিশ্চিত কৰা হ’ব।

দেশৰ পৰীক্ষা ব্যৱস্থা বিশ্বাসযোগ্য, স্বচ্ছ আৰু পৰ্যাপ্ত প্ৰযুক্তিৰ ব্যৱহাৰেৰে উন্নত হোৱা উচিত বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এই কার্যবাহিনীত চোৰাংচোৱা ব্যুৰ’ৰ প্ৰাক্তন সঞ্চালক তপন ডেকা, ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষ এছ সোমনাথ, আই আই টি চেন্নাইৰ সঞ্চালক ভি কামাকটিৰ লগতে প্রাক্তন শিক্ষা সচিব অমিতা কাৰৱাল আৰু ল’জিষ্টিক বিশেষজ্ঞ অমৃত লাল মীনা থাকিব।

প্রধানমন্ত্রী মোদীয়ে কয়, যে চৰকাৰে আজি সংসদত পৰীক্ষা সম্পৰ্কীয় কঠোৰ আইনী ব্যৱস্থাৰ সৈতে জড়িত এখন নতুন আইন উত্থাপন কৰিব। শ্রীমোদীয়ে লগতে প্রতিযোগিতামূলক পৰীক্ষাৰ বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰখা আৰু লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যৎ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্রুতিবদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।