লোকসভাত আজি লোক পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক ২০২৬ উত্থাপন

লোকসভাত আজি লোক পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক ২০২৬ উত্থাপন কৰা হয়। এই বিধেয়কৰ জৰিয়তে লোক পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) আইন ২০২৪ৰ সংশোধনী ঘটাবলৈ বিচৰা হৈছে। প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত আজি দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে এই বিধেয়কখন উত্থাপন কৰে। 

উল্লেখযোগ্য যে এই বিধেয়কখনত অভিযুক্তৰ বিৰুদ্ধে ১০ বছৰৰ কাৰাবাস, ১০ কোটি টকাৰ জৰিমণা, দোষী সাব্যস্ত অভিযুক্তৰ সম্পত্তি বাজেয়াপ্তকে ধৰি বহু কঠোৰ ব্যৱস্থা সন্নিবিষ্ট কৰা হৈছে। বিধেয়খনৰ মতে অভিযোগনামা দাখিলৰ পাছত ৩ মাহৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সম্পূর্ণ কৰিব লাগিব ৷

বিধেয়কখন উত্থাপন কৰাৰ সময়তে বিৰোধী পক্ষৰ সাংসদসকলে নীটৰ বিষয়টোক লৈ ছাত্ৰ-ছাত্ৰীৰ শেহতীয়া প্ৰতিবাদী কাৰ্যসূচীৰ সময়ছোৱাত আৰক্ষীৰ আতিশয্যৰ অভিযোগ উত্থাপন কৰি এই সন্দৰ্ভত আলোচনাৰ বাবে দাবী জনায় । সদনৰ অধ্যক্ষ ওম বিৰলাই বিষয়টোত হস্তক্ষেপ কৰি কয়, যে সকলো ৰাজনৈতিক দলৰ সদস্যসকলৰ দাবী তথা উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি সংস্কাৰৰ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে নিম্ন সদনত বিধেয়কখন উত্থাপন কৰা হৈছে। এই বিধেয়কখনক তাৎপৰ্যপূৰ্ণ বুলি অভিহিত কৰি তেওঁ কয়, যে সদনৰ সদিচ্ছা আৰু দেশবাসীৰ আবেগ উভয় দিশৰ প্ৰতি লক্ষ্য ৰাখি বিষয়টোক লৈ পুংখানুপুংখ আলোচনাৰ প্ৰয়োজন আছে ।

অধ্যক্ষগৰাকীয়ে প্ৰতিগৰাকী সাংসদকে বিধেয়কখনক লৈ আলোচনাৰ ক্ষেত্ৰত সক্রিয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় যদিও বিৰোধী পক্ষৰ সাংসদসকল তেওঁলোকৰ প্ৰতিবাদত অটল হৈ থাকে। এনে প্ৰেক্ষাপটত অধ্যক্ষগৰাকীয়ে সদন বিয়লি ২ বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে যদিও হুলস্থুলীয়া পৰিস্থিতিৰ বাবে দিনটোৰ বাবে স্থগিত ৰখা হয় ৷

ইয়াৰ পূৰ্বে নীটৰ বিষয়ক লৈ ছাত্ৰ-ছাত্ৰীসকলে কৰা প্ৰতিবাদৰ সময়ত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ পৰিপ্ৰেক্ষিতত সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হয়। দিনৰ ১১ বজাত লোকসভা মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই গ্লাছগ’ত অনুষ্ঠিত ২৩ সংখ্যক কমনৱেল্থ গেমছত পদক জয় কৰা ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাঈ চানু, চানমবাম ঋষিকান্ত সিং, ৰাজা মুথুপাণ্ডি আৰু পেৰা শক্তি ভাৰোত্তোলক ঝণ্ডু কুমাৰক শুভেচ্ছা জনায়। শ্রীবিৰলাই লগতে এই ঐতিহাসিক সফলতাৰ বাবে প্ৰশিক্ষক তথা ভাৰতীয় দলক শুভেচ্ছা জনাই তেওঁলোকৰ উজ্বল ভৱিষ্যৎ কামনা কৰে । ।

অধ্যক্ষ ওম বিৰলাই সদনৰ প্ৰশ্নকাল চলাই নিবলৈ চেষ্টা কৰে যদিও বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাৰ বিষয়টো উত্থাপন কৰে। শ্ৰীবিৰলাই সদনৰ প্ৰশ্নকালত আন কোনো বিষয় আলোচনা কৰা নহ’ব বুলি উল্লেখ কৰে। তেওঁ বিৰোধী সদস্যসকলক প্ৰশ্নকাল নিয়াৰিকৈ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই কয়, যে প্রশ্নকালক ব্যাঘাত জন্মোৱাটো উচিত নহয়।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে বিধেয়কখনৰ আলোচনাৰ বাবে যথেষ্ট পৰিমাণৰ সময় আৱণ্টন কৰা হৈছে আৰু কেইবাখনো সংশোধনী জাননী লাভ কৰা হৈছে। তেওঁ বিৰোধী দলসমূহৰ সদস্যসকলৰ আচৰণক লৈ উদ্বীগ্নতা প্ৰকাশ কৰে।

ৰাজ্যসভাতো আজি একে পৰিস্থিতিৰ উদ্ভৱ হয় । দিনৰ ১১ বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীয়ে কেইবাটাও বিষয় উত্থাপন কৰে। বিৰোধী দলপতি মল্লিকার্জুন খাৰ্গেই সংবিধানৰ ২৬৭ অধিনিয়মৰ অধীনত ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ কাৰ্যকলাপৰ বিষয়ত আলোচনাৰ বাবে দাবী জনাইছিল যদিও পাছত হুলস্থূলীয়া পৰিস্থিতিৰ মাজত সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হয়।

পৰৱৰ্তী সময়ত সদনৰ কাম-কাজ আৰম্ভ হোৱাৰ পাছত একেই পৰিস্থিতিৰ উদ্ভৱ হোৱাত সভাপতিয়ে পুনৰ বিয়লি ২ বজালৈ সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে। বিয়লি ৩ বজাত উচ্চ সদন মিলিত হোৱাৰ পাছত উপ সভাপতি হৰিবংশে এই বিধেয়ক সন্দৰ্ভত আলোচনা অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰে যদিও বিৰোধী দলৰ সদস্যসকলে বিভিন্ন শ্লোগানেৰে সদনৰ পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ পৰিপ্ৰেক্ষিতত সদন বিয়লি ৫ বাজি ১৫ মিনিটলৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰা হয়। পুনৰ হুলস্থুলীয়া পৰিস্থিতিৰ বাবে সদন দিনটোৰ বাবে স্থগিত ৰখা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।