July 27, 2026 9:56 PM

views 1

লোকসভাত আজি লোক পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক ২০২৬ উত্থাপন

লোকসভাত আজি লোক পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক ২০২৬ উত্থাপন কৰা হয়। এই বিধেয়কৰ জৰিয়তে লোক পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) আইন ২০২৪ৰ সংশোধনী ঘটাবলৈ বিচৰা হৈছে। প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত আজি দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে এই বিধেয়কখন উত্থাপন কৰে।  উল্লেখযোগ্য যে এই বিধেয়কখনত অভিযুক্তৰ বিৰুদ্ধে ১০ বছৰৰ কাৰাবাস, ১০ কোটি টকাৰ জৰিমণা, দোষী সাব্যস্ত অভিযুক্তৰ সম্পত্তি বাজেয়াপ্তকে ধৰি বহু ক...

December 6, 2024 8:49 PM

views 16

বিভিন্ন বিষয়ক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত

বিভিন্ন বিষয়ক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। নগদ ধনৰ বিবাদক লৈ শাসকীয় পক্ষৰ সদস্যসকলে সৃষ্টি কৰা উত্তাল পৰিৱেশৰ বাবে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা স্থগিত ৰাখিবলগীয়া হয়। ইপিনে, বিজেপি সাংসদ নিশিকান্ত ডুবে, বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী আৰু অন্য কংগ্ৰেছ নেতাসকলৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ বিৰুদ্ধে বিৰোধী পক্ষৰ সদস্যসকলে কৰা প্ৰতিবাদৰ বাবে লোকসভাৰ কাম-কাজ স্থগিত ৰাখিবলগীয়া হয়৷ মধ্যাহ্ন ভোজন বিৰতিৰ পাছত ৰাজ্যসভা মিলিত হোৱা...