ৰাজ্যৰ ভিন্ন প্ৰান্তত সপ্তাহজোৰা কাৰ্যসূচীৰে আজিৰে পৰা বিশ্ব হেপাটাইটিছ দিৱস পালন

হেপাটাইটিছ ৰোগ নিৰ্মূলকৰণৰ লক্ষ্যৰে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত সপ্তাহজোৰা কাৰ্যসূচীৰে বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ ধীৰেণপাৰা এফ আৰ ইউ, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সঞ্জীৱ কুমাৰ শ‍ইকীয়াই এই দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। হেপাটাইটিছ বিৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ স্বাস্থ্য পৰীক্ষাৰ লগতে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। 

নৱজাতকৰ জন্মৰ ২৪ ঘণ্টাৰ ভিতৰত হেপাটাইটিছ বি ভেকচিন প্ৰদান কৰিবলৈ স্বাস্থ্যকৰ্মীসকলক তেওঁ পৰামৰ্শ আগবঢ়ায়। অহা ৩ আগষ্টলৈ চলিবলগীয়া এই কাৰ্যসূচীৰ অংশ হিচাপে জিলাৰ প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ লগতে নিচাসক্ত ব্যক্তি, তৃতীয় লিংগৰ ব্যক্তিকে ধৰি অসুৰক্ষিত শ্ৰেণীৰ হেপাটাইটিছ বি পৰীক্ষা কৰা হ’ব।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ডিমা হাচাও জিলা স্বাস্থ্য সমিতিয়ে আজি হাফলঙত এই দিৱস পালন কৰে। উত্তৰ কাচাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ কাৰ্যবাহী সদস্য প্রবিতা জাহাৰীয়ে এই অনুষ্ঠান মুকলি কৰে। হেপাটাইটিছ প্ৰতিৰোধ, চিকিৎসা, আৰু জনসচেতনতা বৃদ্ধিৰ বাবে এই অনুষ্ঠানত গুৰুত্ব আৰোপ কৰা হয়।

এই দিৱস উপলক্ষে কাছাৰ জিলা স্বাস্থ্য সন্থাৰ উদ্যোগত জিলা পৰ্যায়ত সজাগতামূলক শোভাযাত্রা অনুষ্ঠিত হয়। জিলাখনৰ কেইবাগৰাকী স্বাস্থ্যকৰ্মী, আশাকৰ্মী আৰু স্বেচ্ছাসেৱকসকলে এই শোভাযাত্ৰাত অংশ লয়। অনুষ্ঠানত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ শিৱানন্দ ৰায়ে হেপাটাইটিছ ৰোগৰ পৰীক্ষা আৰু চিকিৎসাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে।

নলবাৰী জিলাৰ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়তো আজি এই দিৱস পালন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত সজাগতা সভাত কেইবাগৰাকীও বিশেষজ্ঞ ব্যক্তিয়ে অংশগ্ৰহণ কৰি ৰাইজক হেপাটাইটিছ বি ৰোগৰ চিকিৎসা সন্দৰ্ভত অৱগত কৰায়। উল্লেখযোগ্য যে জিলাখনৰ সকলো চৰকাৰী চিকিৎসালয়ত এই দিৱস পালন কৰা হয় আৰু মুকালমুৱা অঞ্চলত ১২ জন ব্যক্তিক হেপাটাইটিছ বি প্ৰতিষেধক প্ৰদান কৰা হয় ৷

বৰপেটা জিলাতো এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ এটা নিচামুক্তি কেন্দ্ৰৰ আৱাসী আৰু কৰ্মচাৰীসকলৰ মাজত স্ক্রুক্রীনিং শিবিৰ অনুষ্ঠিত হয়। শিবিৰত আগতীয়াকৈ স্বাস্থ্য পৰীক্ষা, সময়মতে ৰোগ নিৰ্ণয় আৰু উপযুক্ত চিকিৎসাৰ জৰিয়তে এই ৰোগ প্ৰতিৰোধ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। জিলাখনত অহা ৩ আগষ্টলৈ এই দিৱসৰ অংশ হিচাপে সজাগতামূলক কার্যসূচী অব্যাহত থাকিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।