পঞ্চায়তীৰাজ প্রতিষ্ঠানসমূহ ভাৰতৰ গণতান্ত্রিক আৰু উন্নয়নমূলক যাত্ৰাৰ মূল আধাৰ বুলি কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙৰ প্রকাশ

পঞ্চায়তীৰাজ প্রতিষ্ঠানসমূহ ভাৰতৰ গণতান্ত্রিক আৰু উন্নয়নমূলক যাত্ৰাৰ মূল আধাৰ। নতুন দিল্লীত অনুষ্ঠিত আত্মনিৰ্ভৰ পঞ্চায়ত কাৰ্যসূচী আৰু সমর্থ পঞ্চায়ত প’ৰ্টেল মুকলি কৰি কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে এইদৰে কয়।

মন্ত্রী শ্রী সিঙে কয়, যে এই পদক্ষেপসমূহে বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত পঞ্চায়ত প্রতিষ্ঠানসমূহক অর্থনৈতিক সৱলীকৰণ, কাৰিকৰী সামৰ্থ আৰু আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত সহায় কৰিব।

মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে পঞ্চায়তীৰাজ প্রতিষ্ঠানসমূহক ডিজিটেল উপকৰণ আৰু বহনক্ষম ৰাজহ অৰ্জনৰ দিশেৰে শক্তিশালী কৰি তুলিলে ই দেশৰ তৃণমূল পৰ্যায়ৰ প্ৰশাসন আৰু গ্ৰাম্য উন্নয়নত বিশেষ ভূমিকা গ্রহণ কৰিব পাৰিব।

কেন্দ্ৰীয় মন্ত্রী শ্রী সিঙে কয়, যে আত্মনিৰ্ভৰ পঞ্চায়ত কাৰ্যসূচীয়ে পঞ্চায়তসমূহক স্থানীয় সম্পদ চিনাক্তকৰণত সহায় কৰিব আৰু এই সমূহক ৰাজহ অর্জন প্রকল্পলৈ পৰিৱৰ্তন কৰাত সহায় কৰিব।

তেওঁ লগতে কয়, যে সমর্থ পঞ্চায়ত প’ৰ্টেলৰ জৰিয়তে আসোৱাহমুক্ত আৰু স্বচ্ছ কৰ ব্যৱস্থা, আর্থিক লেনদেন আৰু পঞ্চায়ত ৰাজহ নিৰীক্ষণৰ ক্ষেত্ৰত সুবিধা প্রদান কৰিব। এই অনুষ্ঠানতে কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে পঞ্চায়তীৰাজ প্রতিষ্ঠানসমূহৰ বাবে ৰাজহ নিয়মৰ উৎস সন্দৰ্ভত আদর্শ আর্হিও মুকলি কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।