প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অসমৰ সাংসদসকলক সাক্ষাৎ কৰে আৰু ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। বানপীড়িত জনসাধাৰণৰ উদ্ধাৰ, সাহায্য, পুনৰ সংস্থাপন আৰু পুনৰ্বাসন কার্য যাতে ফলপ্রসূভাৱে আগবাঢ়ে এই বিষয়ে ৰাজ্য চৰকাৰৰ পদক্ষেপ সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে বুজ লয়।
সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্রধানমন্ত্রীয়ে কয়, যে বানত ক্ষতিগ্রস্ত লোকসকলক সহায়ৰ বাবে কেন্দ্ৰই অসম চৰকাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি কাম কৰি আছে। শ্রীমোদীয়ে লগতে সকলোৰে সুৰক্ষা আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা জনায় ৷