স্বাধীনতা সংগ্রামী দেশভক্ত তৰুণৰাম ফুকনৰ ৮৭সংখ্যক মৃত্যু দিৱস উপলক্ষে ৰাজ্যজুৰি দেশভক্তি দিৱস পালন

স্বাধীনতা সংগ্রামী দেশভক্ত তৰুণৰাম ফুকনৰ ৮৭সংখ্যক মৃত্যু দিৱস উপলক্ষে আজি ৰাজ্যজুৰি দেশভক্তি দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰে ২০২১ বৰ্ষৰ পৰা প্ৰতি বছৰে আজিৰ দিনটো দেশভক্তি দিৱস হিচাপে পালন কৰি আহিছে।

 ৰাজ্য চৰকাৰৰ তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ উদ্যোগত ৰাজ্যিক ভিত্তিত দেশভক্তি দিৱস পালন কৰা হয়। গুৱাহাটীৰ ভৰলুমুখত থকা তৰুণ ৰাম ফুকন উদ্যানত আয়োজিত শ্রদ্ধাঞ্জলি অনুষ্ঠানত পশুপালন, পশু চিকিৎসা আৰু মীন মন্ত্ৰী নীলিমা দেৱী আৰু গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই অংশগ্ৰহণ কৰি শ্ৰদ্ধা নিবেদন কৰে। এই অনুষ্ঠানত ফুকনৰ পৰিয়ালৰ লোকেও অংশগ্ৰহণ কৰে। জনতা ভৱনত দিনৰ ২ বজাৰ পৰা দেশভক্তি দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

গোৱালপাৰা জিলাতো আজি দেশভক্তি দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত এই দিৱস পালন কৰা হয়। এই উদ্দেশ্যে দেশভক্ত তৰুণ ৰাম ফুকনৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য তৰ্পণ আৰু বন্তি প্ৰজ্বলন তথা স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয়।

তামুলপুৰ জিলা প্ৰশাসন তথা জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আজি দেশভক্তি দিৱস পালন কৰা হয়। জিলা আয়ুক্ত ছিমি কৰণে শুভাৰম্ভ কৰা অনুষ্ঠানত কেইবাগৰাকীও বক্তাই দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন আৰু কৰ্ম সন্দৰ্ভত আলোকপাত কৰে ।

নলবাৰী জিলাতো আজি দেশভক্তি দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ লগতে বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত দেশভক্তি দিৱস পালন কৰা হয়।

লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত দেশভক্তি দিৱস পালন কৰা হয়। এই উপলক্ষে দেশভক্ত তৰুণ ৰাম ফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে লখিমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলনীৰ সভাপতি ভোলানাথ নগৰীয়াই। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মুকলি সভা অনুষ্ঠিত হয়।

ডিব্ৰুগড় জিলাতো আজি দেশভক্তি দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চমাল, জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।