July 28, 2026 7:33 PM
12
স্বাধীনতা সংগ্রামী দেশভক্ত তৰুণৰাম ফুকনৰ ৮৭সংখ্যক মৃত্যু দিৱস উপলক্ষে ৰাজ্যজুৰি দেশভক্তি দিৱস পালন
স্বাধীনতা সংগ্রামী দেশভক্ত তৰুণৰাম ফুকনৰ ৮৭সংখ্যক মৃত্যু দিৱস উপলক্ষে আজি ৰাজ্যজুৰি দেশভক্তি দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰে ২০২১ বৰ্ষৰ পৰা প্ৰতি বছৰে আজিৰ দিনটো দেশভক্তি দিৱস হিচাপে পালন কৰি আহিছে। ৰাজ্য চৰকাৰৰ তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ উদ্যোগত ৰাজ্যিক ভিত্তিত দেশভক্তি দিৱস পালন কৰা হয়। গুৱাহাটীৰ ভৰলুমুখত থকা তৰুণ ৰাম ফুকন উদ্যানত আয়োজিত শ্রদ্ধাঞ্জলি অনুষ্ঠানত পশুপালন, পশু চিকিৎসা আৰু মীন মন্ত্ৰী নীলিমা দেৱী আৰু গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই অংশগ্ৰহণ কৰি শ্ৰদ্ধা নিবেদন ক...