ৰাজ্যজুৰি আজি দেশ ভক্তি দিৱস পালন কৰা হৈছে। দেশৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম বৰেণ্য নেতা দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু বার্ষিকী উপলক্ষে এই দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰে ২০২১ বৰ্ষৰ পৰা প্ৰতি বছৰে আজিৰ দিনটো দেশভক্তি দিৱস হিচাপে উদযাপন কৰি আহিছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই দিৱস উপলক্ষে স্বাধীনতা সংগ্ৰামৰ এইগৰাকী অগ্ৰণী নেতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয়, যে দেশভক্ত তৰুণৰাম ফুকনৰ আদর্শ, ত্যাগ আৰু দেশপ্ৰেমৰ মূল্যবোধ নতুন প্ৰজন্মৰ মাজত প্ৰেৰণাৰ উৎস হৈ থাকিব। গুৱাহাটীৰ ভৰলুমুখৰ তৰুণৰাম ফুকন উদ্যানত বিভিন্ন কাৰ্যসূচীৰে দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু দিৱস পালন কৰা হৈছে।
এই উদ্দেশ্যে আজি উদ্যানখনত ৰাজ্য চৰকাৰৰ পশুপালন, পশু চিকিৎসা আৰু মীন মন্ত্রী নীলিমা দেৱী তথা গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া উপস্থিত হৈ দেশভক্ত ফুকনৰ প্ৰতিমূৰ্তিত মাল্যার্পণ কৰাৰ লগতে প্রতিমূৰ্তিৰ সন্মুখত বন্তি প্রজ্বলন কৰে। এই অনুষ্ঠানত দেশভক্তগৰাকীৰ পৰিয়ালৰ কেইবাগৰাকী সদস্যইও অংশগ্রহণ কৰে।
গোৱালপাৰা জিলাতো আজি দেশভক্তি দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত এই দিৱস পালন কৰা হৈছে। এই উদ্দেশ্যে দেশভক্ত তৰুণ ৰাম ফুকনৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য অর্পণ আৰু বন্তি প্রজ্বলন তথা স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হৈছে।
এই উপলক্ষে আজি ৰাজ্যৰ অন্যান্য জিলাতো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু বিভিন্ন সামাজিক-সাংস্কৃতিক সংগঠনে শ্রদ্ধাঞ্জলি অনুষ্ঠান, স্মৃতিচাৰণ সভাৰ আয়োজন কৰিছে।