আঞ্চলিক সংবাদ

August 14, 2026 7:56 PM

views 12

সৈনিক কল্যাণ সঞ্চলকালয় আৰু ১৯খন জিলাৰ সৈনিক কাৰ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি বিভিন্ন দেশপ্রেমমূলক তথা জনকল্যাণমূলক কার্যসূচী ৰূপায়ণ

স্বাধীনতা দিৱসৰ উদযাপনৰ প্ৰস্তুতিৰ অংশ হিচাপে সৈনিক কল্যাণ সঞ্চলকালয় আৰু ১৯খন জিলাৰ সৈনিক কাৰ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি বিভিন্ন দেশপ্রেমমূলক তথা জনকল্যাণমূলক কার্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ অংশস্বৰূপে হৰ ঘৰ তিৰংগা, চাইকেল আৰু বাইক ৰেলী, গছপুলি ৰোপণ, সজাগতা সভা, সাংস্কৃতিক অনুষ্ঠান, দেশপ্রেমমূলক গান...

August 14, 2026 7:54 PM

views 29

৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক আৰু মুখ্যমন্ত্ৰীৰ আৰক্ষী পদকসমূহ ঘোষণা

৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক আৰু মুখ্যমন্ত্ৰীৰ আৰক্ষী পদকসমূহ ঘোষণা কৰা হৈছে। গৃহ বিভাগে প্ৰকাশ কৰা এখন জাননীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যৰ কেইবাগৰাকীও প্রশাসনিক তথা আৰক্ষী বিষয়া, অগ্নিনির্বাপক বাহিনীৰ জোৱান আৰু কাৰাগাৰৰ কৰ্মচাৰীক এই গুৰুত্বপূৰ্ণ পদকসম...

August 14, 2026 7:14 PM

views 14

নলবাৰী জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ যুটীয়া উদ্যোগত ৰক্তদান শিবিৰৰ আয়োজন

নলবাৰী জিলা দিৱস উপলক্ষে নলবাৰী জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ যুটীয়া উদ্যোগত আজি এটা ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় । নলবাৰী ক্রীড়া সন্থাৰ কাৰ্যালয় চৌহদত আয়োজন কৰা এই ৰক্তদান শিবিৰত স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ বিত্ত, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ম...

August 14, 2026 7:10 PM

views 13

ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। বিশেষ টাক্স ফ’ৰ্ছে আজি এনে এটা চক্ৰৰ বিৰুদ্ধে অভিযান চলাই ৮০ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে। টাক্স ফ'ৰ্চৰ এটা দলে গুৱাহাটী ছয়মাইলৰ চচলৰ এটা ফ্লেটত অভিযান চলাই ১০ কিলোগ্রাম হেৰ'ইন জব্দ কৰে। ঘটনা সন্দৰ্ভত টাক্স ফ'ৰ্ছে পাঞ্জাবৰ লুধিয়ান...

August 14, 2026 7:07 PM

views 17

মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত, বিষয়া-কৰ্মচাৰীসকলৰ সামৰ্থ বিকাশ প্ৰশিক্ষণ কার্যসূচী অনুষ্ঠিত

কৃষি আন্তঃগাঁথনি পুঁজিৰ ফলপ্ৰসূ ৰূপায়ণ আৰু তৃণমূল পৰ্যায়ত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আজি মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত, বিষয়া-কৰ্মচাৰীসকলৰ সামৰ্থ বিকাশ প্ৰশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই কাৰ্যসূচীত কৃষি আন্তঃগাঁথনি পুঁজিৰ সফল ৰূপায়ণত কৃষি উন্নয়ন...

August 14, 2026 7:03 PM

views 37

ড° হিমন্ত বিশ্ব শৰ্মাৰ আজি গাড়ীগাঁৱৰ পৰা পূব ধাৰাপুৰ সংযোগী দলং মুকলি

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ সমীপৰ গাড়ীগাঁৱৰ পৰা পূব ধাৰাপুৰ সংযোগী এখন দলং মুকলি কৰে। ২ কোটি ৫৬ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা এই দলংখনে গুৱাহাটী মহানগৰৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। দলংখন উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে অসমৰ যোগাযোগ ব্যৱস্থাক অধিক সহ...

August 14, 2026 6:58 PM

views 30

৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত গোৱালপাৰা জিলা আৰক্ষীৰ বিশেষ সজাগতামূলক ব্যৱস্থা গ্ৰহণ

দেশজুৰি কাইলৈ উদযাপিত হ'বলগীয়া ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত গোৱালপাৰা জিলা আৰক্ষীয়ে বিশেষ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বত জিলা আৰক্ষীয়ে অসম-মেঘালয় সীমান্ত অঞ্চলত নিশা যাপন কৰাৰ লগতে আজি পুৱা প্ৰায় ৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ চাইকেল সমলেৰে ...

August 14, 2026 6:53 PM

views 17

আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযানৰ কাৰ্যসূচী ৰূপায়ণ

দেশৰ স্বাধীনতাৰ গৌৰৱময় যাত্ৰাৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰৰ পৰা খানাপাৰালৈ আজি বিয়লি হ'বলগীয়া হৰ ঘৰ তিৰংগা যাত্ৰাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। বজালী জিলা সমিতিৰ উদ...

August 14, 2026 6:50 PM

views 187

সমগ্ৰ দেশত কাইলৈ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন

সমগ্ৰ দেশত কাইলৈ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। ৰাজ্যৰ ভিন্ন প্ৰান্ততো স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিব। খানাপাৰাত হ'বলগীয়া কুচ-কাৱাজ আৰু সাংস্কৃতিক কাৰ্যসূচ...

August 14, 2026 6:46 PM

views 56

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীয়ে সন্ধিয়া ৭ বজাৰ পৰা ৰাষ্ট্ৰপতিৰ ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব। দূৰদৰ্শনৰ সকলো চেনেলযোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব। হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতেই দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰ...