আঞ্চলিক সংবাদ

August 14, 2026 12:04 PM

views 38

নেডাৰলেণ্ডছ আৰু বেলজিয়ামত কাইলৈৰ পৰা পুৰুষ আৰু মহিলাৰ বিশ্বকাপ হকী প্ৰতিযোগিতা

নেডাৰলেণ্ডছ আৰু বেলজিয়ামত কাইলৈ পুৰুষ আৰু মহিলাৰ বিশ্বকাপ হকী প্ৰতিযোগিতা আৰম্ভ হ'ব। নেডাৰলেণ্ডছত হ'বলগীয়া পুৰুষৰ হকী বিশ্বকাপত ভাৰত ৱেল্‌ছ, ইংলেণ্ড আৰু পাকিস্তানৰ সৈতে একেটা গ্রুপতে আছে। কাইলৈ বিয়লি চাৰে চাৰি বজাত ভাৰতৰ পুৰুষ দলটো প্ৰথমখন খেলত ৱেল্‌ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে, ১৭ আগষ্টত ইংলে...

August 14, 2026 12:03 PM

views 23

ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ সংস্কাৰে লাভ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি

ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ সংস্কাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ স্বীকৃতি লাভ কৰিছে। আয়ুস্মান ভাৰত, প্রধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত চৰকাৰী চিকিৎসালয়সমূহে লাভ কৰা ধন, চিকিৎসালয়ৰ আন্তঃগাঁথনি, চিকিৎসা সঁজুলি আৰু ৰোগীৰ কল্যাণৰ বাবে পুনৰ-বিনিয়োগৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক স্বাস্থ্য আৰু পৰ...

August 14, 2026 12:02 PM

views 11

নিউ তিনিচুকীয়া-গুৱাহাটী মূল ৰে’লপথেৰে পুনৰ ৰে’লৰ চলাচল আৰম্ভ

বানৰ ফলত বন্ধ হৈ থকা নিউ তিনিচুকীয়া-গুৱাহাটী মূল ৰে'লপথেৰে ২৪ দিনৰ অন্তত পুনৰ ৰে'লৰ চলাচল আৰম্ভ হৈছে। তিনিচুকীয়া মণ্ডলৰ ৰে'ল প্ৰৱন্ধকে কালি এখন সংবাদ মেলত এই কথা সদৰি কৰে। প্ৰৱন্ধকগৰাকীয়ে জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে সতর্কতামূলক ব্যৱস্থা অব্যাহত থাকিব বুলি উল্লেখ কৰে...

August 14, 2026 12:01 PM

views 20

ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও সম্পূৰ্ণৰূপে আঁতৰা নাই বানৰ বিভীষিকা

ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও বানৰ বিভীষিকা এতিয়াও সম্পূৰ্ণৰূপে আঁতৰা নাই। পানী শুকাইছে যদিও বোকা, পলস আৰু ধ্বংসাৱশেষে প্ৰভাৱিত এলেকাসমূহত কদৰ্যময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যৰ ৭খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্রতিক বানত ৩৭০খন গাঁৱৰ ৭৭ হাজাৰ ৫৪২ জন লোক প্ৰভাৱিত হোৱাৰ...

August 14, 2026 12:00 PM

views 106

কাইলৈ ৮০সংখ্যক স্বাধীনতা দিৱস; খানাপাৰাত পতাকা উত্তোলন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই

সমগ্র দেশে কাইলৈ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। ৰাজ্যৰ ভিন্ন প্ৰান্ততো স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। মহানগৰীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ লগতে আৰক্ষীৰ অভিবাদন গ্রহণ ক...

August 14, 2026 11:59 AM

views 35

ৰাজ্যৰ প্ৰতিখন জিলাতে ৰূপায়ণ হৰ ঘৰ তিৰংগা অভিযান; গুৱাহাটীত আজি সন্ধিয়া মুখ্যমন্ত্ৰীৰ হৰ ঘৰ তিৰংগা যাত্ৰাত অংশগ্রহণ

ৰাজ্যৰ প্ৰতিখন জিলাতে জনসাধাৰণক দেশাত্মবোধৰ চেতনাৰে উজ্জীৱিত কৰিবলৈ হৰ ঘৰ তিৰংগা অভিযান পূর্ণগতিত ৰূপায়ণ কৰা হৈছে। গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ পৰা খানাপাৰালৈ আজি বিয়লি ৫ বজাত হ'বলগীয়া হৰ ঘৰ তিৰংগা যাত্ৰাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশগ্ৰহণ কৰিব। আনহাতে, ডিব্ৰুগড়ৰ টে...

August 14, 2026 11:56 AM

views 14

অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সংঘটিত গুলীচালনাৰ ঘটনাৰ সন্দৰ্ভত মন্ত্ৰী অতুল বৰা, ডাঃ ৰণোজ পেগু আৰু কেইবাটাও সংগঠনৰ বৈঠক

ধেমাজি জিলাৰ গোগামুখৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সংঘটিত গুলীচালনাৰ ঘটনাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত কালি সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই ধেমাজিৰ বিধায়ক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ধেমাজি জি...

August 14, 2026 11:54 AM

views 17

বানত ক্ষতিগ্ৰস্ত চৰাইদেউ জিলাৰ চুমনী গাঁও পৰিদৰ্শন বিধানসভাৰ অধ্যক্ষ ৰণজিৎ দাসৰ

বিধানসভাৰ অধ্যক্ষ ৰণজিৎ দাসে কালি বানত বেয়াকৈ ক্ষতিগ্ৰস্ত চৰাইদেউ জিলাৰ চুমনী গাঁও পৰিদৰ্শন কৰে। শ্ৰী দাসে চুমনী গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বান ক্ষতিগ্রস্ত জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন সমস্যাৰ বুজ লয়। অধ্যক্ষগৰাকীৰ সৈতে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু মাহমৰাৰ বিধায়ক সু...

August 14, 2026 9:58 AM

views 37

দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীয়ে সন্ধিয়া ৭ বজাৰ পৰা ৰাষ্ট্ৰপতিৰ ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব । দূৰদৰ্শনৰ সকলো চেনেলযোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব।  হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতেই দূৰদৰ্শনৰ আঞ্চলিক কেন্দ...

August 13, 2026 8:53 PM

views 23

লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ লাভলীনা বৰগোঁহাইক সম্বর্ধনা

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি লোকসেৱা ভৱনত লাভলীনা বৰগোঁহাইক সম্বর্ধনা জনায়। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত লাভলীনাই বক্সিঙৰ ৭৫ কিলোগ্রাম শাখাত ৰূপৰ পদক জয় কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ড° শৰ্মাই লাভলীনাৰ সাফল্যৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৩০ লাখ টকাৰ চেক প্ৰদান কৰে। খেলুৱৈগৰাক...