বানৰ ফলত বন্ধ হৈ থকা নিউ তিনিচুকীয়া-গুৱাহাটী মূল ৰে‘লপথেৰে ২৪ দিনৰ অন্তত পুনৰ ৰে‘লৰ চলাচল আৰম্ভ হৈছে। তিনিচুকীয়া মণ্ডলৰ ৰে‘ল প্ৰৱন্ধকে কালি এখন সংবাদ মেলত এই কথা সদৰি কৰে।
প্ৰৱন্ধকগৰাকীয়ে জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে সতর্কতামূলক ব্যৱস্থা অব্যাহত থাকিব বুলি উল্লেখ কৰে।