বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ ২৮ সাধাৰণ সভাৰ ৮১ সংখ্যক অধিবেশনত ভাৰতীয় প্রতিনিধি দলক নেতৃত্ব দিব। কাইলৈৰপৰা ছেপ্টেম্বৰলৈ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত বার্ষিক উচ্চ পৰ্যায়ৰ সাধাৰণ বৈঠকত বিশ্ব নেতাসকলে অংশ ল’ব।
অহা ২৬ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৮১ সংখ্যক অধিবেশনৰ এখন উচ্চ পৰ্যায়ৰ বৈঠকত ড° জয়শংকৰে ভাষণ দিয়াৰ কথা। এই অধিবেশনৰ বিষয়বস্তু হৈছে ‘আস্থা ঘূৰাই অনা, ৰূপান্তৰৰ ব্যৱস্থা কৰাঃ এখন যুক্তৰাষ্ট্ৰ যিয়ে, সকলোৰে বাবে কাম কৰে’।
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ১৯৩ খন সদস্য ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি, প্রধানমন্ত্রী আৰু শীর্ষ প্রতিনিধিসকলে অংশ লৈ গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বিষয়ত নিজৰ অগ্ৰাধিকাৰ আৰু স্থিতিক উপস্থাপন কৰিব।
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এন্টনিঅ’ গুটেৰেছে বিশ্ব নেতাসকলক আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ বাবে আহ্বান জনাইছে। এটা ভিডিঅ’ বাৰ্তাত গুটেৰেছে শান্তি, মর্যাদা, ন্যায় আৰু মানৱীয়তাৰ বাবে সকলোকে একেলগ হ’বলৈ আহ্বান জনায়।
তেওঁ কয়, যে কেবল আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তেহে এখন সুন্দৰ বিশ্ব গঢ়ি তুলিব পৰা যাব। এন্টনিঅ’ গুটেৰেছে এইবাৰ সাধাৰণ সচিব হিচাপে অন্তিমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশ ল’ব। চলিত বৰ্ষৰ শেষৰফালে তেওঁৰ কাৰ্যকালৰ সামৰণি পৰিব।
উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৮১ সংখ্যক অধিৱেশনত গোলকীয় সহযোগিতা পুনৰুজ্জীৱিত কৰা, বহনক্ষম বিকাশৰ লক্ষ্য উন্নত কৰা আৰু শান্তি, মর্যাদা আৰু সমতাৰ বাবে সামুহিক কাৰ্যকলাপৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰা হ’ব।