August 14, 2026 12:04 PM | Hockey India

printer

নেডাৰলেণ্ডছ আৰু বেলজিয়ামত কাইলৈৰ পৰা পুৰুষ আৰু মহিলাৰ বিশ্বকাপ হকী প্ৰতিযোগিতা

নেডাৰলেণ্ডছ আৰু বেলজিয়ামত কাইলৈ পুৰুষ আৰু মহিলাৰ বিশ্বকাপ হকী প্ৰতিযোগিতা আৰম্ভ হ’ব। নেডাৰলেণ্ডছত হ’বলগীয়া পুৰুষৰ হকী বিশ্বকাপত ভাৰত ৱেল্‌ছ, ইংলেণ্ড আৰু পাকিস্তানৰ সৈতে একেটা গ্রুপতে আছে।

কাইলৈ বিয়লি চাৰে চাৰি বজাত ভাৰতৰ পুৰুষ দলটো প্ৰথমখন খেলত ৱেল্‌ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। আনহাতে, ১৭ আগষ্টত ইংলেণ্ড আৰু ১৯ আগষ্টত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

ইপিনে, বেলজিয়ামত হ’বলগীয়া মহিলা বিশ্বকাপত ভাৰতৰ গ্ৰুপত আছে চীন, ইংলেণ্ড আৰু দক্ষিণ আফ্রিকা। মহিলা দলটোত ঝাৰখণ্ডৰ চালিমা টেটেই নেতৃত্ব দিছে।