September 14, 2026 12:23 PM
18
জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ পুৰুষ আৰু মহিলা দলৰ খিতাপ দখল
চীনৰ মকীত অনুষ্ঠিত জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ পুৰুষ আৰু মহিলা দলে খিতাপ দখল কৰিছে। ভাৰতৰ পুৰুষ দলে ফাইনেলত দক্ষিণ কোৰিয়াক ৪-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ হৈ অজিত যাদৱ, অনমোল ইক্কা, প্রভাদ্বীপ সিং আৰু আশু মৌৰ্যাই এটাকৈ গ'ল দিয়ে। এই জয়েৰে ভাৰতে প্ৰতিযোগিতাখনত ষষ্ঠবাৰৰ বাবে খিতাপ দখলৰ অভিলেখ গঢ়ে। ইয়াৰ পূৰ্বে ২০০৪, ২০০৮, ২০১৫, ২০২৩ আৰু ২০২৪ চনত ভাৰতে জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত জয়লাভ কৰিছিল। ইপিনে ভাৰতৰ মহিলা হকী দলে ফাইনেলত চীনক ১-০ গ’লত পৰাস্ত কৰি খিতাপ জয় কৰে। দল...