December 7, 2024 8:20 PM

views 60

আজিৰে পৰা ১৫ ডিচেম্বৰলৈ হ’বলগীয়া মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত কাইলৈ ভাৰত-বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ওমানৰ মাস্কটত আজিৰে পৰা ১৫ ডিচেম্বৰলৈ হ'বলগীয়া মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত কাইলৈ ভাৰত-বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অধিনায়ক জ্যোতি সিঙৰ নেতৃত্বত ভাৰতীয় দলটোত উপ অধিনায়ক সাক্ষী ৰাণা আৰু চিনিয়ৰ দলৰ হৈ খেলি অহা দিপিকা, বৈষ্ণৱীকে ধৰি খেলুৱৈসকল আছে। যোৱা বছৰ ফাইনেলত দক্ষিণ কোৰিয়াক ২-১ গলত পৰাজিত কৰি ভাৰতে প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰিছিল ৷ প্রতিযোগিতাৰ পুল-এত স্থান লাভ কৰা ভাৰতীয় দলটোৱে চীন, থাইলেণ্ড আৰু মালয়েছিয়াৰ বিৰুদ্ধে খেলিব। প্ৰতিটো পুলৰ পৰা শীৰ্ষ দুটা দলে ছেমি ফাইনেলত ...

November 20, 2024 8:54 PM

views 60

মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ ফাইনেলত চীনক ১-০ গ’লত পৰাস্ত ভাৰতৰ

ভাৰতে আজি বিহাৰৰ ৰাজগিৰত অনুষ্ঠিত মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ ফাইনেলত চীনক ১-০ গ'লত পৰাস্ত কৰি খিতাপ দখল কৰে। খেলখনত দীপিকাই ভাৰতৰ হৈ একমাত্র গলটো দিয়ে। ইয়াকে লৈ খেলুৱৈগৰাকীয়ে এই প্ৰতিযোগিতাত মুঠ ১১ টা গ'ল দিয়ে।

November 14, 2024 2:43 PM

views 34

মহিলাৰ এছিয়ান হকী চেম্পিয়ন্‌ছ ট্ৰফীত ভাৰত আজি থাইলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত অৱতীৰ্ণ হ’ব

বিহাৰৰ ৰাজগীৰত চলি থকা মহিলাৰ এছিয়ান হকী চেম্পিয়ন্‌ছ ট্ৰফীত যোৱাবাৰৰ বিজয়ী ভাৰত আজি বিয়লি থাইলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত অৱতীৰ্ণ হ'ব। ভাৰতে প্ৰথমখন খেলত মালয়েছিয়াক ৪-০ গ’লত আৰু দ্বিতীয়খন খেলত দক্ষিণ কোৰিয়াক ৩-২ গ’লত পৰাজিত কৰিছিল। প্ৰতিযোগিতাৰ আজিৰ আন দুখন খেলত দক্ষিণ কোৰিয়াই মালয়েছিয়াৰ বিৰুদ্ধে আৰু আনখন খেলত জাপানে চীনৰ বিৰুদ্ধে খেলিব।

November 12, 2024 2:38 PM

views 62

মহিলাৰ এছিয় ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাত ভাৰত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰত আজি বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত হ’বলগীয়া মহিলাৰ এছিয় ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ এখন খেলত তিনিবাৰৰ চেম্পিয়ন দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ এখন খেলত চীনে থাইলেণ্ডক ১৫-০ গলত পৰাস্ত কৰে। ভাৰতে কালি নিজৰ প্ৰথমখন খেলত মালয়েছিয়াক ৪-০ গলত পৰাস্ত কৰে। জাপান আৰু দক্ষিণ কোৰিয়াৰ মাজৰ প্ৰথমখন খেল ২-২ গলত ড্র’ হয়।

November 12, 2024 8:48 AM

views 72

মহিলাৰ এছিয় হকী ছেম্পিয়নছ ট্ৰফী প্রতিযোগিতাত ভাৰত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰত আজি বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত চলি থকা মহিলাৰ এছিয় হকী ছেম্পিয়নছ ট্ৰফী প্রতিযোগিতাত তিনিবাৰৰ বিজয়ী দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে কালি প্ৰতিযোগিতাত নিজৰ প্ৰথমখন খেলত ভাৰতে মালয়েছিয়াক ৪-০ গলত পৰাস্ত কৰে। ইপিনে জাপান আৰু দক্ষিণ কোৰিয়াৰ মাজত হোৱা প্ৰতিযোগিতাৰ প্ৰথমখন খেল ২-২ গলত ড্র' হয়। প্ৰতিযোগিতাৰ দ্বিতীয়খন খেলত চীনে থাইলেণ্ডক ১৫-০ গলত পৰাস্ত কৰে৷

October 29, 2024 6:17 PM

views 57

এছিয় চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ বাবে ১৮ জনীয়া ভাৰতীয় দলৰ নাম ঘোষণা

হকী ইণ্ডিয়াই চলিত বৰ্ষৰ মহিলাৰ এছিয় চেম্পিয়নছ ট্ৰফী প্রতিযোগিতাৰ বাবে ১৮ জনীয়া ভাৰতীয় দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত অহা মাহৰ ১১ৰ পৰা ২০ তাৰিখলৈ এই প্রতিযোগিতা অনুষ্ঠিত হ'ব। হকী ইণ্ডিয়াৰ ঘোষণা অনুসৰি মিড ফিল্ডাৰ ছালিমা টেটেই বিগত বৰ্ষৰ বিজয়ী ভাৰতীয় দলটোক নেতৃত্ব দিয়াৰ বিপৰীতে ফৰৱাৰ্ড খেলুৱৈ নৱনীত কৌৰে উপ-অধিনায়কৰ দায়িত্ব পালন কৰিব। প্রতিযোগিতাৰ প্ৰথম দিনটোত ভাৰতে মালয়েছিয়াৰ বিৰুদ্ধে খেলেৰে অভিযান আৰম্ভ কৰিব। ইয়াৰ পৰৱৰ্তী খেলসমূহত ঘৰুৱা দলটো ক্রমে চীন, ...

October 23, 2024 12:18 PM

views 64

আজিৰে পৰা ভাৰত আৰু জাৰ্মানীৰ মাজৰ বহু অপেক্ষিত দ্বিপাক্ষিক হকী শৃংখলা

নতুন দিল্লীৰ মেজৰ ধ্যানচন্দ নেচনেল ষ্টেডিয়ামত আজিৰে পৰা ভাৰত আৰু জাৰ্মানীৰ মাজৰ বহু অপেক্ষিত দ্বিপাক্ষিক হকী শৃংখলা আৰম্ভ হ'ব। খেলখন দিনৰ ৩ বজাত আৰম্ভ হ'ব। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এটা দশকৰ পাছত আন্তঃৰাষ্ট্ৰীয় হকী খেল অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত এই শৃংখলা বিশেষ ৰূপে পৰিগণিত হৈছে। হৰমনপ্রীত সিং নেতৃত্বাধীন ভাৰতীয় দলটো শৃংখলাত বৰ্তমানৰ বিশ্ব চেম্পিয়ন আৰু পেৰিছ অলিম্পিকত ৰূপৰ পদক বিজেতা জাৰ্মানীৰ বিৰুদ্ধে দুখন খেলত অৱতীৰ্ণ হ'ব। ইপিনে হকী ইণ্ডিয়াই ডিজিটেল টিকট প্ৰণালীৰ মাধ্যমেৰে ষ্টেডিয়ামত ...

October 20, 2024 6:55 PM

views 51

বিশ্ব চেম্পিয়ন জাৰ্মানীৰ বিৰুদ্ধে নতুন দিল্লীত হবলগীয়া দ্বিপাক্ষিক শৃংখলাৰ বাবে  হকী ইণ্ডিয়াৰ ২২ জনীয়া দল ঘোষণা

হকী ইণ্ডিয়াই বৰ্তমানৰ বিশ্ব চেম্পিয়ন জাৰ্মানীৰ বিৰুদ্ধে নতুন দিল্লীত হবলগীয়া দ্বিপাক্ষিক শৃংখলাৰ বাবে ২২ জনীয়া দল ঘোষণা কৰিছে। এই অনুসৰি হৰমনপ্রীত সিঙে ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব। বিবেক সাগৰ প্ৰসাদ দলৰ উপ অধিনায়ক হ'ব। নতুন দিল্লীৰ মেজৰ ধ্যানচন্দ নেচনেল ষ্টেডিয়ামত ২৩ আৰু ২৪ অক্টোবৰত শৃংখলাৰ খেল দুখন অনুষ্ঠিত হ'ব

October 14, 2024 12:54 PM

views 60

আজিৰে পৰা হকী ইণ্ডিয়া ছিনিয়ৰ মহিলা আন্তঃবিভাগীয় ৰাষ্ট্ৰীয় হকী প্ৰতিযোগিতা আৰম্ভ

হকী ইণ্ডিয়া ছিনিয়ৰ মহিলা আন্তঃবিভাগীয় ৰাষ্ট্ৰীয় হকী প্ৰতিযোগিতা নতুন দিল্লীৰ মেজৰ ধ্যানচন্দ ষ্টেডিয়ামত আজি আৰম্ভ হ'ব। ২১ অক্টোবৰলৈ চলিবলগীয়া এই প্ৰতিযোগিতাত মুঠ ১২টা দলে অংশগ্রহণ কৰিব। দলকেইটাক চাৰিটা গোটত বিভক্ত কৰা হৈছে। লীগ পৰ্যায়ত প্ৰতিটো দলে নিজ গোটৰ সকলো দলৰ সৈতে অৱতীৰ্ণ হ'ব।

September 11, 2024 8:18 PM

views 57

ভাৰত পুৰুষৰ এছিয় চেম্পিয়নছ ট্রফি হকী প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ

ভাৰতে পুৰুষৰ এছিয় চেম্পিয়নছ ট্রফি হকী প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। যোৱাবাৰৰ ছেম্পিয়ন ভাৰতে আজি চীনৰ হুলুনবুইৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত মালয়েছিয়াক ৮-১ গলৰ ব্যৱধানত পৰাস্ত কৰি একেৰাহে তৃতীয়খন খেলত জয়লাভ কৰে আৰু শীৰ্ষৰ ৪ টা দলৰ ভিতৰত স্থান নিশ্চিত কৰে। আজিৰ খেলখনত ভাৰতৰ হৈ ৰাজকুমাৰ পালে ৩ টা গল দিয়াৰ বিপৰীতে অইজিত সিং হুন্দলে ২ টা, যুগৰাজ সিং, হৰমন প্রীত সিং আৰু উত্তম সিঙে একোটাকৈ গল দিয়ে। ভাৰতে ইয়াৰ পূৰ্বে চীন আৰু জাপানৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিছিল ।