ওমানৰ মাস্কটত আজিৰে পৰা ১৫ ডিচেম্বৰলৈ হ’বলগীয়া মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত কাইলৈ ভাৰত-বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। অধিনায়ক জ্যোতি সিঙৰ নেতৃত্বত ভাৰতীয় দলটোত উপ অধিনায়ক সাক্ষী ৰাণা আৰু চিনিয়ৰ দলৰ হৈ খেলি অহা দিপিকা, বৈষ্ণৱীকে ধৰি খেলুৱৈসকল আছে। যোৱা বছৰ ফাইনেলত দক্ষিণ কোৰিয়াক ২-১ গলত পৰাজিত কৰি ভাৰতে প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰিছিল ৷ প্রতিযোগিতাৰ পুল-এত স্থান লাভ কৰা ভাৰতীয় দলটোৱে চীন, থাইলেণ্ড আৰু মালয়েছিয়াৰ বিৰুদ্ধে খেলিব। প্ৰতিটো পুলৰ পৰা শীৰ্ষ দুটা দলে ছেমি ফাইনেলত স্থান লাভ কৰাৰ বিপৰীতে অহা বছৰ চিলিত হ’বলগীয়া জুনিয়ৰ বিশ্বকাপ প্রতিযোগিতাত স্থান লাভ কৰিব।
Assamese | December 7, 2024 8:20 PM | Hockey | Hockey India | SPORTS
আজিৰে পৰা ১৫ ডিচেম্বৰলৈ হ’বলগীয়া মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত কাইলৈ ভাৰত-বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব