August 30, 2024 8:12 PM

views 61

অহা ১১ নৱেম্বৰৰ পৰা বিহাৰত চলিত বৰ্ষৰ মহিলাৰ এছিয়ান চেম্পিয়ন ট্রফী প্রতিযোগিতা

বিহাৰৰ ৰাজগীৰত অহা ১১ নৱেম্বৰৰ পৰা চলিত বৰ্ষৰ মহিলাৰ এছিয়ান চেম্পিয়ন ট্রফী প্রতিযোগিতা আৰম্ভ হ'ব। হকী ইণ্ডিয়াই এই কথা ঘোষণা কৰি কৈছে যে, হকী ইণ্ডিয়া আৰু বিহাৰ চৰকাৰৰ যুটীয়া প্ৰয়াসত ৰাজগীৰ হকী ষ্টেডিয়ামত ১১ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এছিয়ান হকী ফেডাৰেছনৰ সভাপতি দাতো ফুমিঅ' অগুৰাই মহিলাৰ অষ্টম এছিয়ান ছেম্পিয়ন ট্ৰফী ভাৰতত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। হকী ইণ্ডিয়াৰ সভাপতি ড০ দিলীপ টিকীয়ে কৈছে যে, এয়া হকীৰ বাবে এটা ঐতিহাসিক মুহূর্ত। যোৱা বছৰ হকী ঝাৰখণ্ডে ৰাঁছ...

August 14, 2024 8:09 PM

views 62

পি আৰ শ্ৰীজেশে পৰিধান কৰা ১৬ নম্বৰ জাৰ্ছিটো পুনৰ ব্যৱহাৰ নকৰাৰ কথা ঘোষণা হকী ইণ্ডিয়াৰ

হকী ইণ্ডিয়াই কিংবদন্তি গ'লৰক্ষক পি আৰ শ্ৰীজেশে পৰিধান কৰা ১৬ নম্বৰ জাৰ্ছিটো পুনৰ ব্যৱহাৰ নকৰাৰ কথা ঘোষণা কৰিছে। সত্য সমাপ্ত পেৰিছ অলিম্পিকত দেশৰ বাবে একেৰাহে দ্বিতীয়টো ব্ৰঞ্জৰ পদক লাভ কৰা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা শ্ৰীজেশৰ অৱসৰৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে। গ'লৰক্ষকগৰাকীৰ সন্মানার্থে নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত হকী ইণ্ডিয়াৰ সাধাৰণ সম্পাদক ভোলানাথ সিঙে শ্ৰীজেশৰ জাৰ্ছিটো পুনৰ ব্যৱহাৰ নকৰাৰ সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰে। ৩৬ বছৰীয়া শ্ৰীজেশক ৰাষ্ট্ৰীয় জুনিয়ৰ হকী দলৰ প্ৰশি...