বিহাৰৰ ৰাজগীৰত অহা ১১ নৱেম্বৰৰ পৰা চলিত বৰ্ষৰ মহিলাৰ এছিয়ান চেম্পিয়ন ট্রফী প্রতিযোগিতা আৰম্ভ হ’ব। হকী ইণ্ডিয়াই এই কথা ঘোষণা কৰি কৈছে যে, হকী ইণ্ডিয়া আৰু বিহাৰ চৰকাৰৰ যুটীয়া প্ৰয়াসত ৰাজগীৰ হকী ষ্টেডিয়ামত ১১ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। এছিয়ান হকী ফেডাৰেছনৰ সভাপতি দাতো ফুমিঅ’ অগুৰাই মহিলাৰ অষ্টম এছিয়ান ছেম্পিয়ন ট্ৰফী ভাৰতত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে। হকী ইণ্ডিয়াৰ সভাপতি ড০ দিলীপ টিকীয়ে কৈছে যে, এয়া হকীৰ বাবে এটা ঐতিহাসিক মুহূর্ত। যোৱা বছৰ হকী ঝাৰখণ্ডে ৰাঁছীত মহিলাৰ এছিয়ান চেম্পিয়নশ্বিপ ট্ৰফী প্রতিযোগিতা অনুষ্ঠিত কৰিছিল।
Assamese | August 30, 2024 8:12 PM | Hockey India
অহা ১১ নৱেম্বৰৰ পৰা বিহাৰত চলিত বৰ্ষৰ মহিলাৰ এছিয়ান চেম্পিয়ন ট্রফী প্রতিযোগিতা