হকী ইণ্ডিয়াই কিংবদন্তি গ’লৰক্ষক পি আৰ শ্ৰীজেশে পৰিধান কৰা ১৬ নম্বৰ জাৰ্ছিটো পুনৰ ব্যৱহাৰ নকৰাৰ কথা ঘোষণা কৰিছে। সত্য সমাপ্ত পেৰিছ অলিম্পিকত দেশৰ বাবে একেৰাহে দ্বিতীয়টো ব্ৰঞ্জৰ পদক লাভ কৰা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা শ্ৰীজেশৰ অৱসৰৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে। গ’লৰক্ষকগৰাকীৰ সন্মানার্থে নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত হকী ইণ্ডিয়াৰ সাধাৰণ সম্পাদক ভোলানাথ সিঙে শ্ৰীজেশৰ জাৰ্ছিটো পুনৰ ব্যৱহাৰ নকৰাৰ সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰে। ৩৬ বছৰীয়া শ্ৰীজেশক ৰাষ্ট্ৰীয় জুনিয়ৰ হকী দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। অৱশ্যে জুনিয়ৰ দলত ১৬ নম্বৰ জাৰ্ছি ব্যৱহাৰ হৈ থাকিব আৰু শ্রীজেশে এই জাৰ্ছি পৰিধান কৰিবলগীয়া পৰৱৰ্তী শ্ৰীজেশক যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰিব।
Assamese | August 14, 2024 8:09 PM | Hockey India
পি আৰ শ্ৰীজেশে পৰিধান কৰা ১৬ নম্বৰ জাৰ্ছিটো পুনৰ ব্যৱহাৰ নকৰাৰ কথা ঘোষণা হকী ইণ্ডিয়াৰ