নতুন দিল্লীৰ মেজৰ ধ্যানচন্দ নেচনেল ষ্টেডিয়ামত আজিৰে পৰা ভাৰত আৰু জাৰ্মানীৰ মাজৰ বহু অপেক্ষিত দ্বিপাক্ষিক হকী শৃংখলা আৰম্ভ হ’ব। খেলখন দিনৰ ৩ বজাত আৰম্ভ হ’ব। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এটা দশকৰ পাছত আন্তঃৰাষ্ট্ৰীয় হকী খেল অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত এই শৃংখলা বিশেষ ৰূপে পৰিগণিত হৈছে। হৰমনপ্রীত সিং নেতৃত্বাধীন ভাৰতীয় দলটো শৃংখলাত বৰ্তমানৰ বিশ্ব চেম্পিয়ন আৰু পেৰিছ অলিম্পিকত ৰূপৰ পদক বিজেতা জাৰ্মানীৰ বিৰুদ্ধে দুখন খেলত অৱতীৰ্ণ হ’ব। ইপিনে হকী ইণ্ডিয়াই ডিজিটেল টিকট প্ৰণালীৰ মাধ্যমেৰে ষ্টেডিয়ামত দৰ্শকৰ বাবে বিনামূলীয়া প্ৰবেশৰ কথা ঘোষণা কৰিছে। হকীৰ অনুৰাগীসকলে ডী ডী স্প’ৰ্টছ চেনেলৰ যোগেও খেলখনৰ পোনপটীয়া সম্প্ৰচাৰ চাব পাৰিব ৷
Assamese | October 23, 2024 12:18 PM | Hockey India
আজিৰে পৰা ভাৰত আৰু জাৰ্মানীৰ মাজৰ বহু অপেক্ষিত দ্বিপাক্ষিক হকী শৃংখলা