চীনৰ মকীত অনুষ্ঠিত জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ পুৰুষ আৰু মহিলা দলে খিতাপ দখল কৰিছে। ভাৰতৰ পুৰুষ দলে ফাইনেলত দক্ষিণ কোৰিয়াক ৪-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ হৈ অজিত যাদৱ, অনমোল ইক্কা, প্রভাদ্বীপ সিং আৰু আশু মৌৰ্যাই এটাকৈ গ’ল দিয়ে। এই জয়েৰে ভাৰতে প্ৰতিযোগিতাখনত ষষ্ঠবাৰৰ বাবে খিতাপ দখলৰ অভিলেখ গঢ়ে। ইয়াৰ পূৰ্বে ২০০৪, ২০০৮, ২০১৫, ২০২৩ আৰু ২০২৪ চনত ভাৰতে জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত জয়লাভ কৰিছিল।
ইপিনে ভাৰতৰ মহিলা হকী দলে ফাইনেলত চীনক ১-০ গ’লত পৰাস্ত কৰি খিতাপ জয় কৰে। দলৰ হৈ খেলখনৰ ১৭ মিনিটত ছানিকা চন্দ্রকান্ত মানেই একমাত্ৰ গ’লটো দিয়ে। ইয়াৰ পূৰ্বে ভাৰতৰ মহিলা দলে ২০২৩ আৰু ২০২৪ চনত প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছিল। পুৰুষ আৰু মহিলা দুয়োটা দলে এছিয়া কাপৰ খিতাপ জয়ৰ সুবাদত জুনিয়ৰ হকী বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে।
উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে এই সাফল্যৰ বাবে পুৰুষ-মহিলা দুয়োটা দলকে শুভেচ্ছা জনাইছে। এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণণে কয়, যে এই উল্লেখনীয় সাফল্যত যুৱ খেলুৱৈসকলৰ অপৰিসীম দক্ষতা, নিয়মানুৱৰ্তিতা আৰু দৃঢ়তাকেই প্ৰতিফলিত কৰে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুয়োটা দলকে অনাগত দিনত অধিক সফলতা লাভৰ বাবে শুভেচ্ছা জনায়। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত কয়, যে তেওঁলোকৰ খেলপথাৰত উৎকৃষ্ট প্ৰদৰ্শনে দেশৰ নতুন খেলুৱৈসকলক অনুপ্ৰাণিত কৰিব।