ৰাঁচীৰ মৰাং গোমকে জয়পাল সিং মুণ্ডা এষ্ট্র’ টার্ফ হকী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মহিলা হকী ইণ্ডিয়া লীগৰ ফাইনেলত কালি ওড়িশা ৱাৰিয়ছে জে এছ ডব্লিউ ছুৰ্মা হকী ক্লাবক ২-১ গ’লত পৰাস্ত কৰি উদ্বোধনী সংস্কৰণৰ খিতাপ দখল কৰে। বঁটা প্ৰদান অনুষ্ঠানত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে ওড়িশা ৱাৰিয়ৰৰ অধিনায়ক নেহা গোৱালক দলৰ হৈ ট্ৰফী প্ৰদান কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত মুখ্যমন্ত্ৰী ছোৰেনে হকী ইণ্ডিয়া লীগত উন্নত খেল প্ৰদৰ্শন কৰা সকলো দল আৰু খেলুৱৈক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।হকী ইণ্ডিয়া লীগৰ পুৰুষৰ আজি সন্ধিয়া ৬ বজাৰ পৰা ৰৌৰকেলাত অনুষ্ঠিত হ’বলগীয়া এখন খেলত দিল্লী এছ জি পাইপাৰ্ছৰ বিৰুদ্ধে শাচি ৰহ বেংগল টাইগাছ অৱতীৰ্ণ হ’ব।
Assamese | January 27, 2025 3:43 PM | Hockey India | Indian Sports
মহিলা হকী ইণ্ডিয়া লীগৰ ফাইনেলত ওড়িশা ৱাৰিয়ছৰ উদ্বোধনী সংস্কৰণৰ খিতাপ দখল