January 2, 2025 4:49 PM | Hockey India | SPORTS

printer

হকী ইণ্ডিয়া লীগত নিশা ৮ বাজি ১৫ মিনিটত চুমা হকী ক্লাব উত্তৰ প্ৰদেশ ৰুদ্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ

হকী ইণ্ডিয়া লীগত আজি ৰুৰকেলাৰ বীৰচামুণ্ডা হকী ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত চুমা হকী ক্লাবে উত্তৰ প্ৰদেশ ৰুদ্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন নিশা ৮ বাজি ১৫ মিনিটত আৰম্ভ হ’ব। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাৰ যোৱানিশা অনুষ্ঠিত এখন খেলত শ্রাচী ৰাৰ বেংগল টাইগাৰে টীম গোনাচিকাক ২-১ ৰ ব্যৱধানত পৰাস্ত কৰে। বেংগল টাইগাৰৰ হৈ ৰুপিন্দৰ পাল সিঙে দুয়োটা গ’ল দিয়ে।