ধেমাজি জিলাৰ গোগামুখৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সংঘটিত গুলীচালনাৰ ঘটনাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত কালি সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই ধেমাজিৰ বিধায়ক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
ধেমাজি জিলা আয়ুক্ত কার্যালয়ত অনুষ্ঠিত এই বৈঠকত আটাছু, টাইপা, বীৰ লাচিত সেনা, অসম জাতীয়তাবাদী যুৱ সন্মিলন, অসম জাতীয়তাবাদী যুৱ পৰিষদ, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, ঐক্যমঞ্চ আৰু অসমীয়া যুৱ মঞ্চকে ধৰি বহুকেইটা সংগঠনৰ প্ৰতিনিধিৰ লগতে চিচিবৰ গাঁৱৰ বিধায়ক জীৱন গগৈ আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে।
মন্ত্ৰী শ্ৰীবৰাই কয়, যে অসম চৰকাৰে ইতিমধ্যে অৰুণাচল প্ৰদেশৰ সৈতে আলোচনাৰ মাধ্যমেৰে সীমা সমস্যা সমাধানৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে। অসম আৰক্ষীয়েও ঘটনাটোৰ বাবে দায়ী ব্যক্তিসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱেও এই ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
শ্ৰীবৰাই সীমান্ত অঞ্চলত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ অটুট ৰাখি দল-সংগঠনসমূহক প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত শান্তি, সম্প্ৰীতি আৰু সৌহার্দ্যপূর্ণ সম্পর্ক অক্ষুণ্ণ ৰখাৰ বাবে সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।
এই বৈঠকৰ পাছতে মিচিং ছাত্র সংগঠন, টি এম পি কেই অৰুণাচলৰ বিৰুদ্ধে কালিৰে পৰা গ্ৰহণ কৰা অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ঘোষণা কৰে ৷